মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

বিদ্যালয় পৰিচালনা সমিতি

২০০৯ চনৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত শিশু অধিকাৰ আইনৰ ২১নং দফা, আৰু২০১১ চনৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত শিশু অধিকাৰ বিধিৰ পঞ্চম অনুসুচিৰ ১৩ আৰু ১৪নং দফাৰ আধাৰত অসমৰ ৰাজ্যপাল গৰাকীয়ে পি এম এ ৬২৭/২০১০/ পিটি /১৪৯, দিনাংক দিছপুৰ, ৩ আগষ্ট, ১১নং অধিসুচনা যোগে বিদ্যালয় পৰিচালনা সমিতিসমূহৰ গঠন কাম-কাজ আৰু ক্ষমতাৱলী নিৰ্দিষ্ট কৰি দিছে। সেই মৰ্মেই প্ৰাদেশিকৃত বিদ্যালয় পৰিচালনা সমিতিসমুহৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে সম্পুৰ্ণ কৰা হৈছে।

ইফালে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমুহৰ পৰিচালনা সমিতিসমূহ গঠন কৰা হৈছে ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত। ২০১৫-১৬ বৰ্ষৰ হিচাপ অনুসৰি ৰাজ্যখনত মুঠ ৪৭৭৯২ খন বিদ্যালয় পৰিচালনা সমিতি আছে। প্ৰত্যেকখন সমিতিতে ১৩ জনকৈ সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।

বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত ৰাইজৰ বিশেষকৈ অভিভাৱক সকলৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত এই পৰিচালনা সমিতিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিদ্যালয়সমূহক শিক্ষাৰ বাবে এক সুন্দৰ পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰিব লাগেসমিতিসমূহে। তাকে কৰিবলৈ যাওতে এই সমুহে সমিতিয়ে সামাজিক সংস্হা- সমিতি সমুহৰ সক্ৰিয় অংশ গ্ৰহণ নিশ্চিত কৰাৰ বাবে নিয়মীয়াকৈ আলোচনা বিলোচনা অব্যাহত ৰখাৰ এক পৰম্পৰা সৃষ্টি কৰিব লাগে। প্ৰাথমিক শিক্ষাৰ প্ৰসংগত থকা পূৰ্ব ধাৰণাৰ পৰিবৰ্তন সাধনত সৰ্বশিক্ষা অভিযানে আৰম্ভ কৰা পদক্ষেপ সমূহে সাফল্য অৰ্জন কৰিছে। ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, নিয়মীয়া উপস্হিতিৰ হাৰ বৃদ্ধি, বিদ্যালয়ৰ উন্নয়নী কাম-কাজত ৰাইজৰ অংশগ্ৰহন, পুঁজিৰ সদব্যৱহাৰ, শৈক্ষিক বাতাবৰণ ৰচনাৰ ক্ষেত্ৰত সামাজিক সংগঠনৰ অংশ গ্ৰহণ, ৰাজহুৱা হিচাপ পৰীক্ষণ আদিৰ কথা উনুকিয়াব পাৰি। বিদ্যালয় পৰিচালনা সমিতি সমূহক শক্তিশালী কৰাৰ লগতে ইয়াৰ সদস্যসকলক শক্তিবন্ত কৰা হৈছে।