মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Axom

সৰ্বাত্মক শিক্ষা

  • শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ সকলো শিশুৰ বাবে এক মৌলিক অধিকাৰ। সৰ্বশিক্ষা অভিযানে এই ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি গৈ এই অধিকাৰ শাৰিৰীকভাৱে বিশেষ সক্ষম সকললৈকো সম্প্ৰসাৰিত কৰিলে। ২০০৯ চনত গৃহীত হোৱা শিক্ষাৰ অধিকাৰ আইনখন অসম চৰকাৰে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা বলবত্ কৰাৰ পাচত সৰ্বশিক্ষা অভিযানে ৬ বছৰৰ পৰা ১৪ বচৰ বয়স সীমাৰ অন্তৰ্গত শিশুসকলক সৰ্বাত্মক ৰূপত উচ্চ মানৰ প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। এই অভিযানে সমাজৰ সকলো শ্ৰেণীৰ সকলো শিশুকে সামৰি লোৱাৰ প্ৰয়াস কৰি আহিছে। ইপিনে, বিশেষভাৱে প্ৰয়োজন থকা শিশুসকলক শিক্ষাদানৰ বাবে বিস্তৃত প্ৰয়াস, ভিন্ন বিকল্প তথা কৌশল এই অভিযানৰ জৰিয়তে গ্ৰহণ কৰিছে।

    সৰ্বশিক্ষা অভিযানে অধিক হাৰত ছাত্ৰ-ছাত্ৰীৰ আগমন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি, নিয়মীয়া উপস্থিতি নিশ্চিতকৰণৰ লগতে শিক্ষাৰ মান উন্নয়নত গুৰুত্ব আৰোপ কৰিছে।

    সৰ্বশিক্ষা অভিযানৰ সংহত শিক্ষা (আই.ই. কম্পোনেণ্ট) প্ৰভাগৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীত জন সজাগতা সৃষ্টি, বিদ্যালয়সমূহত শাৰিৰীক আৰু বিদ্যায়তনিক সহযোগিতা আগবঢ়োৱা, ঘৰ সদৃশ পৰিৱেশ সৃষ্টি কৰা, চিকিত্সামূলক শিক্ষণ কাৰ্যক্ৰম ৰূপায়ণ আদিৰ ক্ষেত্ৰত ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীবৃন্দই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

    আই.ই কাৰ্য্যকৰ্তাসকলৰ স্টাফটিং আৰ্হি

    স্তৰপদবীযথাস্থানত
    ৰাজ্যতৰাজ্যিক অনুষ্ঠান বিষয়া, আই.ই১
     ৰাজ্যিক অনুষ্ঠান সহযোগী, আই.ই১
    জিলা স্তৰতজিলা অনুষ্ঠান বিষয়া, আই.ই২৭
    ব্লক স্তৰতসমল ব্যক্তি২৯০
     অতিৰিক্ত সমল ব্যক্তি১৭৯
    গাওঁ পঞ্চায়ত স্তৰতসহকাৰী অতিৰিক্ত সমল ব্যক্তি২৩৪

    বিশেষভাৱে সক্ষম শিশুসকলৰ বছৰ ভিত্তিক অন্তৰ্ভূক্তি

    বছৰচি.ডব্লিউ.এছ.এনভৰ্তিঘৰৰ পৰা শিক্ষাবিদ্যালয়ৰ মুঠ শিশুৰ ভিতৰত 
    ২০০১-০২৯১৮৪৮২৬১০৯২৩
    ২০০২-০৩২০০০০১২০০০০৮০০০
    ২০০৩-০৪৭৩০০০৪৭৩২৫২২৪৬৪৩২১১
    ২০০৪-০৫৬৭৩৮৫৪৭৪৭৯১৬৮৯৪৩০১২
    ২০০৫-০৬৭৫০০১৪২০০৬২৯৭৮০৩২১৫
    ২০০৬-০৭১০৬২০৯৮১৭৩৪২০৬২৩৩৮৫২
    ২০০৭-০৮৯৪৫৬০৬৪৪৬০২৬৯৭৩৩১২১
    ২০০৮-০৯৯৬৯২৯৬৮০০৯২৪৩৪৯৪৫৭১
    ২০০৯-১০৯৭৮০১৭৪৯৪৪২২০০৪৮৫৩
    ২০১০-১১৯৯০০৩৭৮৪২০১৯৫৯৭৯৮৬
    ২০১১-১২৯৯৪৭৬৭৩২২০২৬২৫৬০
    ২০১২-১৩৯৯০৬১৯৭০৮৫১৯৭৬০
    ২০১৩-১৪১০৩৫৯০৮৩৩৪৮২০২৪২০
    ২০১৪-১৫১০৭১৬৮৯৪৭৩৭১২৪৩১০
    ২০১৫-১৬৯৮৮৮৪৮৮৩১৬১০৫৬৮০
    ২০১৬-১৭৮৪৫২১৭৫০৬০৯৪৬১০
    ২০১৭-১৮৮১৭৮২৭৪১০০৭৬৮২০

    সম্পন্ন কৰা কাৰ্যাৱলী

    • চিকিত্সা সমীক্ষা শিবিৰৰ আয়োজন
    • সা-সঁজুলিৰ বিতৰণ
    • সংশোধনীমূলক অস্ত্ৰোপচাৰ
    • ব্ৰেইলী গ্ৰন্থৰ বিতৰণ
    • ৰেম্প আৰু ৰেলিং নিৰ্মাণ তথা প্ৰসাধন গৃহৰ সংস্কাৰ
    • স্বেচ্ছাসেৱীসকলৰ বাবে বুনিয়াদী পাঠ্যক্ৰমৰ দিহা।
    • সমল শিক্ষক আৰু স্বেচ্ছাসেৱীৰ নিয়োজন
    • গৃহ-ভিত্তিক শিক্ষা দানৰ দিহা
    • শিশুৰ তথ্য বিশ্লেষণ তথা ব্যক্তি নিৰ্দিষ্ট শিক্ষা পৰিকল্পনাৰ প্ৰণয়ন
    • শাৰিৰীকভাৱে অক্ষম সকলৰ সন্দৰ্ভত সমাজৰ নেতৃস্থানীয় লোকৰ মাজত সজাগতামূলক কাৰ্য়ক্ৰমৰ আয়োজন।
    • চি.ডব্লিউ.এছ.এনৰ বাবে পৰিবহন আৰু আদৰণি বানচৰ দিহা কৰা
    • অভিভাৱকসকলক পৰামৰ্শ দানৰ লগতে প্ৰশিক্ষণৰ দিহা কৰা।
    • স্বেচ্ছাসেৱীসকলৰ বাবে বুনিয়াদী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা।
    • বিশেষ সহযোগিতাৰ প্ৰয়োজন থকা শিশুৰ বাবে ২১ দিনীয়া চিকিত্সামূলক শিক্ষণৰ দিহা কৰা।
    • অন্যান্য সংস্থা, অভিকৰণৰ মাজত ঐক্যমত্য স্থাপন কৰা।
    • শাৰিৰীকভাৱে বিশেষ সক্ষমৰ প্ৰমাণ-পত্ৰ বিতৰণ কৰা।
    Downloads
    সৰ্বাত্মক শিক্ষা
    TitleSizeDetail
    District wise & Category wise-IE-Data.xlsx74.3 KBswf-image
    District wise working nos.of RPs, ARPs and AARPs- IE.xlsx10.34 KBswf-image
    Medical Camps of Hearing Impaired Children, General Awareness on Inclusive Education and Awareness on World Disabled Day.pdf1.77 MBswf-image