| মধ্যস্থতাকাৰীৰ এক চমু খতিয়ান | আগবঢ়োৱা সহযোগিতা (২০৬-১৭) |
|---|
| আৰ.এছ.টি.চি (আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ) | এই মধ্যস্থতাকাৰী ব্যৱস্থা বিদ্যালয়ৰ বাহিৰত থকা ১১ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰসমূহ সম্পূৰ্ণ ৰূপে ঘৰুৱা পৰিবেশত পৰিচালিত কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে বাহিৰত ৰৈ যোৱা শিশু বিশেষকৈ শিশু শ্ৰমিক আদিক তেওঁলোকৰ বয়স সাপেক্ষে শ্ৰেণীত নামভৰ্তিৰ সুযোগ দি সময়ত তেওঁলোকক মূলসূঁতিৰ ছাত্ৰ-ছাত্ৰীলৈ ৰূপান্তৰিত কৰাটোৱেই এই ব্যৱস্থাৰ প্ৰধান উদ্দেশ্য। এই বিশেষ প্ৰশিক্ষণ সৰ্বাধিক ২ বছৰৰ বাবে আগবঢ়োৱা হব। | মুঠ আৰ.এছ.টি.চি.-৯৬ |
| মুঠ নাম ভৰ্তি - ৮৮৯৪ |
| সংশ্লিষ্ট ডি.এম.চিয়ে সহায়ক, ৰান্ধনী, চকীদাৰ তথা মালী আদি যথোচিতভাৱে নিয়োজিত কৰিছে। |
| ই.ভি. তথা চি.টিৰ পাৰিতোষিক প্ৰতি মাহে ৬০০০ টকা। অন্যান্য কৰ্মচাৰীৰ পাৰিতোষিক হল ৩৫০০ টকা। |
| প্ৰসিক্ষাৰ্থীসকলক খাদ্য আৰু তকাৰ সুবিধা আগবঢ়োৱা হৈছে। |
| তেওঁলোকে সাৰাংশ লাভ কৰে (শিক্ষা পুথি, মূল্যায়ন কাৰ্য, প্ৰস্তুত পেকেজ, চি.চি.এ. সঁজুলি তথা আই.ই.পি) |
| ইউনিফৰ্ম |
| স্কুল বেগ |
| কম্বল, চুৱেটাৰ, বাচন-বৰ্তন, বিছনা-পত্ৰ, দুখলপীয়া বিছনা, ফিল্টাৰ আদি |
| পেন্সিল, ৰবৰ, ক্ৰেয়নছ, ছবিৰ বহী, পেন্সিল জোঙা কৰা যন্ত্ৰ, স্কেল আদি |
| এন.আৰ.এছ.টি.চি. (অনা-আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ | এই মধ্যস্থতাকাৰী ব্যৱস্থা বিদ্যালয়ৰ বাহিৰত থকা ১১ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে। এনেবোৰ কেন্দ্ৰ অনা-আৱাসিক পৰিবেশত পৰিচালিত কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে বিদ্যালয়ৰ বাহিৰত ৰৈ যোৱা শিশুসকলক তেওঁলোকৰ বয়স সাপেক্ষ শ্ৰেণীত নাম ভৰ্তিৰ সুযোগ দি থকা সময়ত মূলসূঁতিৰ ছাচ্ৰ-ছাত্ৰীলৈ ৰূপান্তৰিত কৰাটোৱেই এই ব্যৱস্থাৰ প্ৰধান উদ্দেশ্য। স্কুল, চহৰয়া কিম্বা গাঁৱলীয়া তথা পুৰণি ধৰ্ম্মীয় মাদ্ৰাছা আদিৰ মধ্যস্থতাৰ জৰিয়তে এন.আৰ.এছ.টি.চি.ৰ পৰিচালনাৰ দিহা কৰা হৈছে। | মুঠ এন.আৰ.এছ.টি.চি.ৰ সংখ্যা ৬০২। চহৰাঞ্চলত ৬০২, গ্ৰামাঞ্চলত ৯৮ আৰু এন.আৰ.এছ.টি.চি. মাদ্ৰাছাৰ সংখ্যা ৪৫৬টা। |
| মুঠ ই.ভি. তথা এ.ই.ভিৰ সংখ্যা ০ – ১০০০টা চহৰাঞ্চলত, ১১৬টা গ্ৰামাঞ্চল আৰু ৪৯৫টা পুৰণি মাদ্ৰাছাত। |
| সংশ্লিষ্ট ডি.এম.চিয়ে শিক্ষা স্বেচ্ছাসেৱক আৰু অতিৰিক্ত শিক্ষা স্বেচ্ছাসেৱকক নিয়োজিত কৰে। |
| শিক্ষা স্বেচ্ছাসেৱক আৰু অতিৰিক্ত স্বেচ্ছাসেৱকৰ মাহিলী পাৰিতোষিকৰ পৰিমাণ হল ৫০০০ টকাকৈ। |
| অন্যান্য শিক্ষকৰ মাহিলী পাৰিতোষিক ৩০০০ টকাকৈ |
| পেন্সিল, ৰবৰ, ক্ৰেয়নছ, ছবিৰ বহী, পেন্সিল জোঙা কৰা যন্ত্ৰ, স্কেল আদি |
| সাৰাংশ পাঠদানৰ যোগান |
| বিদ্যালয়ৰ মধ্যস্থতাত সামগ্ৰী ভাণ্ডাৰ ব্যৱস্থা। |
| স্কুল বেগৰ যোগান |
| ইউনিফৰ্ম |
| তাৰ্পুলিনৰ যোগান |
| স্থানান্তৰিত শিশুৰ বাবে ঋতুকালীন কেন্দ্ৰ | এই ব্যৱস্থা প্ৰতি বছৰে অক্টোবৰ-নৱেম্বৰ মাহত ৬ মাহৰ বাবে কৰ্মস্থলীৰ ওচৰে-পাজৰে অনুষ্ঠিত কৰা হয়। বিভিন্ন কৰ্মস্থলীৰ পৰা স্থানান্তৰিত হৈ অহা অভিভাৱকৰ সৈতে অহাৰ বাবে আদখনীয়াকৈ বিদ্যালয় ত্যাগ কৰিবলগীয়া হোৱা ৮ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে এই ব্যৱস্থা কৰা হয়। ই এক অনা-আৱাসিক ব্যৱস্থা। নিজ নিজ জন্মস্থানলৈ উভতি নোযোৱা পৰ্যন্ত যাতে শিক্ষাৰ ধাৰাটো অব্যাহত ৰাখিব পাৰে সেই লক্ষ্যৰেই এই ব্যৱস্থা কৰা হয়। | শিক্ষাৰ স্বেচ্ছাসেৱক নিয়োজিত কৰা হয়। |
| তেওঁলোকৰ পাৰিতোষিক মাহিলী ৩০০০ টকা। |
| স্কুল বেগৰ যোগান ধৰা হয়। |
| ইউনিফৰ্ম দিয়া হয়। |
| তাৰ্পুলিনৰ যোগান। |
| পেন্সিল, ৰবৰ, ক্ৰেয়নছ, ছবিৰ বহী, পেন্সিল জোঙা কৰা যন্ত্ৰ, স্কেল আদিৰ যোগান |
| সাৰাংশ পাঠৰ যোগান |
| প্ৰশিক্ষাৰ্থীসকলক স্থানান্তৰণ পত্ৰ/প্ৰমাণ পত্ৰ আদি প্ৰদান কৰা হয়। |
| ব্লেক ব’ৰ্ডৰ যোগান। |
| |
| ঋতুকালীন আৱাস (কৰ্মস্থলীৰ ঋতুকালীন আৱাসিক কেন্দ্ৰ) | কোনো এক বিসেষ ঋতুকালীন কামৰ বাবে বহু দূৰৈৰ পৰা স্থানান্তৰিত হব লগা শিশুৰ বাবে ৬মহীয়া আৱাসিক কেন্দ্ৰৰ ব্যৱস্থা কৰা হয়। স্থানান্তৰণৰ ফলত শিশুসকলৰ শিক্ষাৰ ধাৰাত যাতে যতি নপৰে সেই কথালৈ দৃষ্টি ৰাখিয়েই এই মধ্যস্থতাকাৰী ব্যৱস্থাৰ সহায় লোৱা হয়। | ঋতুকালীন ছাত্ৰাৱাসৰ মুঠ সংখ্যা ২০১৬-১৭ বৰ্ষত আছিল ১০টা। |
| মুঠ শিকাৰুৰ সংখ্যা – ৬৩০ |
| তদাৰকী কৰোতা নিয়োজিত কৰা হয়। |
| তদাৰকী কৰোতাৰ পাৰিতোষিক ৫০০০ টকা হোৱাৰ বিপৰীতে অন্যান্য কৰ্মীৰ এই পৰিমাণ হল ৩০০০ টকা |
| বিনামূলীয়া খাদ্য আৰু থকাৰ ব্যৱস্থা |
| কম্বল, চুৱেটাৰ, বাচন-বৰ্তন, বিছনা-পত্ৰ, দুখলপীয়া বিছনা, ফিল্টাৰ আদি। |
| স্কুল বেগ |
| তাৰ্পুলিনৰ যোগান |
| শিকাৰুসকলক পেন্সিল, ৰবৰ, ক্ৰেয়নছ, ছবিৰ বহী, পেন্সিল জোঙা কৰা যন্ত্ৰ, স্কেল আদি। |
| ধৰ্মীয় মাদ্ৰাছালৈ সহযোগিতা | অসমত বহু সংখ্যক আৱাসিক মাদ্ৰাছাৰ কাম-কাজ চলি আছে। এনেবোৰ মাদ্ৰাছাত মূলত ধৰ্মীয় শিক্ষা দান কৰা হয়। অৱশ্যে ইয়াৰে বহুসংখ্যক মাদ্ৰাছা পৰিচালনা সমিতিয়ে এনেবোৰ মাদ্ৰাছাত ধৰ্ম নিৰপেক্ষ শিক্ষা প্ৰদানৰো পোষকতা কৰা দেখা যায়। এনেবোৰ মাদ্ৰাছাই ১৪ বছৰৰ তলৰ বয়সৰ বহু শিশুক সামৰি লয়। এই কথা মন কৰিয়েই সৰ্বশিক্ষা অভিযানে এনে মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সন্মতি সাপেক্ষে আনুষ্ঠানিক শিক্ষা প্ৰদান ব্যৱস্থা কৰাৰ লগতে অন্যান্য সহযোগিতাও আগবঢ়াইছে। | মাদৰাছাৰ মুঠ সংখ্যা – ৪৪৫খন |
| মুঠ নামভৰ্তিৰ সংখ্যা – ২৪,৪৭২ |
| মাদ্ৰাছা পৰিচালনা সমিতিৰ শিক্ষা স্বেচ্ছাসেৱক নিয়োজিত কৰে। |
| স্বেচ্ছাসেৱকসকলৰ মাহিলী পাৰিতোষিক ৩০০০ টকা। |
| সাৰাংশ পাঠ যোগান ধৰা হয়। |
| স্কুল বেগৰ যোগান |
| ইউনিফৰ্মৰ যোগান |
| পেন্সিল, ৰবৰ আদি যোগান। |
| ব্লেক ব’ৰ্ড/গ্ৰীণ ব’ৰ্ডৰ যোগান ধৰা হয়। |