মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ইতিহাস

  • সৰ্ব শিক্ষা অভিযানক কাৰ্যয্যকৰী কৰিবৰ বাবে  ৰেজিষ্ট্ৰছন চছাইটি আইন, ১৮৬০ ৰ অধীনত পঞ্জীয়নভূক্ত সৰ্ব শিক্ষা অভিযান  মিছন ২০০১ বৰ্ষত প্ৰতিষ্ঠা হয়। ৬ৰ পৰা ১৪ বছৰৰ প্ৰতিগৰাকী শিশুকেই শfক্ষা প্ৰদান কৰাটো ভাৰতীয় সংবিধানৰ এক নিৰ্দেশক নীতি। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যসমূহ পূৰণৰ কাৰণে ৬ৰ পৰা ১৪ বছৰৰ প্ৰতিগৰাকী শিশুকেই বিনামূলীয়া আৰু বাধ্যতামূলক কৰাটো গণতান্ত্ৰিক দায়িত্ব( ৮৬ তম সংশোধিত আইন) আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৯৬ ৰ অধীনত ভাৰত চৰকাৰে কেতবোৰ আঁচনি আৰম্ভ কৰে। ইয়াৰ ভিতৰত অপাৰেশ্বন ব্লেক বোৰ্ড(ওবিবি)ষ শিক্ষা কৰ্মী প্ৰকল্প, অন্ধ্ৰ প্ৰদেশ প্ৰাথমিক শিক্ষা প্ৰকল্প, বিহাৰ শিক্ষা প্ৰকল্প, মহিলা সমীক্ষা, ইউ.পি. বুনিয়াদী শিক্ষা প্ৰকল্প, মহিলা সমীক্ষা, লোক জাম্বিশ প্ৰকল্প, শিক্ষক শিক্ষাৰ আঁচনি যিয়ে শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু জিলা প্ৰাথমিক শিক্ষা কাৰ্য্যসূচীৰ জৰিয়তে শিক্ষক সমৰ্থনৰ এক বিকেন্দ্ৰীভূত প্ৰণালী প্ৰস্তুত কৰিছে। সমগ্ৰ দেশতে সাৰ্বজনীন প্ৰাথমিক শিক্ষা নিশ্চিত কৰিবৰ কাৰণে ২০০০-০১ বৰ্ষত সৰ্ব শিক্ষা অভিযান আৰম্ভ কৰা হয়। কিছুমান মৌলিক উদ্দেশ্যৰে সৈতে অসমত সৰ্ব শিক্ষা অভিযান মিছনে সৰ্ব শিক্ষাৰ ৰাষ্ট্ৰীয় ফ্লেগশ্বিপ কাৰ্য্যসূচী কাৰ্য্যকৰী কৰিছেঃ

    (১) নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিদ্যালয়লৈ যোৱাৰ সুযোগ নোপোৱা পৰ্য্যন্ত তেনে পিছপৰা অঞ্চলসমূহত বিদ্যালয়ৰ সুবিধা প্ৰদান কৰা,

    (২)বিদ্যালয়/বিকল্প বিদ্যালয়/ বিদ্যালয় চৌহদ আদিত ৬-১৪ বছৰ বয়সৰ সকলো শিশুকেই ভৰ্তি কৰোৱা।

    (৩) প্ৰাথমিক শিক্ষাৰ সময়ছোৱাত শিশুসকলক শিক্ষা প্ৰণালীৰ ভিতৰত ৰখা,

    (৪) শিক্ষক প্ৰশিক্ষণ, শিকণ সামগ্ৰীৰ বন্দবস্ত, পাঠ্যপুথি আদিৰ জৰিয়তে সিক্ষাৰ মান উন্নত কৰা,

    (৫) সামাজিকভাৱে পিছপৰা শ্ৰেণী, জাতি, জনজাতি আদিৰ মাজত সামাজিক ন্যায় প্ৰচাৰ কৰা,

    (৬) সকলোৰে মাজত লিংগ সংবেদনশীলতা আৰু বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত পঞ্চায়তা ৰাজ প্ৰতিষ্ঠান আৰু লোক সমিতিসকলৰ কাৰ্য্যকৰী অংশগ্ৰহণ।

    সকলো শিশুকেই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আইন(২০০৯)ৰ বিধি অনুসৰি আৰু ২০১০ বৰ্ষত আইনখন সমগ্ৰ দেশতে বলবত্ কৰা হয়, অসম সৰ্ব শিক্ষা অভিযান, ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু প্ৰাথমিক শিক্ষাৰ সঞ্চালকালয়ক আইন কাৰ্য্যকৰী কৰ্তৃপক্ষ হিচাপে অধিসূচিত কৰা হৈছে। সৰ্ব শিক্ষা অভিযানে বিভিন্ন হস্তক্ষেপৰ কাৰণে নতুন বিদ্যালয় স্থাপন কৰা, বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ, বিদ্যালয়ৰ নিৰ্মাণৰ লগতে অতিৰিক্ত শ্ৰেণী কোঠাৰ ব্যৱস্থা, শৌচালয় আৰু খোৱা পানীৰ সুবিধা কৰা, শিক্ষক, সাময়িক শিক্ষকৰ বাবে প্ৰশিক্ষণ আৰু শৈক্ষণিক সম্পদত সহায় আৰু পাঠ্যপুথি আৰু শিকণ কাৰণে সহায় সহযোগ আগবঢ়ায়। এই ব্যৱস্থাবোৰক আইনগতভাৱে অনিবাৰ্য্য মানদণ্ড আৰু আদৰ্শ আৰু শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা মুক্ত অধিকাৰিতাৰ সৈতে সংযুকেত কৰাৰ প্ৰয়োজন।