মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

স্বচ্ছতা পষেক

স্বচ্ছতা পষেক

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দেশানুসৰি অসম সৰ্ব শিক্ষা অভিযানে সকলো চৰকাৰী/ প্ৰাদেশিকৃত বিদ্যালয়ক স্বচ্ছতা পষেক ১-১৫ ছেপ্তেম্বৰ, ২০১৭ ত পালন কৰিবলৈ নিৰ্দেশ দিয়ে। বিভিন্ন ধৰণৰ স্বচ্ছতা কাৰ্য্যাৱলীৰ জৰিয়তে ৰাজ্যখনৰ বিদ্যালয়সমূহত ইয়াক উদযাপন কৰা হয়। ইয়াৰে কিছু তলত উল্লেখ কৰা হল-

  • পষেকৰ দ্বিতীয় দিনা এছ.এম.চি./পি.টি.এ আৰু শিক্ষকসকলৰ এখন সভা অনুষ্ঠিত হয় যত শিক্ষক আৰু শিশুসকলৰ মাজত চাফ-চিকুণতা আৰু অনাময়ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰা হয়; আৰু বিদ্যালয় আৰু ঘৰত স্বাস্থ্যকৰ আৰু অনাময় অভ্যাসসমূহ বৰ্তি ৰাখিবৰ কাৰণে তেওঁলোকক উত্সাহিত আৰু অনুপ্ৰেৰণা যোগোৱা।
  • ৰাতিপুৱা প্ৰাৰ্থনা সভাত ছাত্ৰ-ছাত্ৰীসকলে স্বচ্ছতাৰ ওপৰত বক্তৃত্বা আগবঢ়ায়।
  • স্বচ্ছতাৰ ওপৰত কুইজ
  • শিক্ষকসকলে বিদ্যালয়/ সংস্থাৰ প্ৰতিটো চোকে কোণে অনাময়ৰ সুবিধাসমূহৰ পৰীক্ষা কৰে আৰু সুবিধাসমূহ নিশ্চিত কৰাৰ কাৰণে ব্যক্তিগত পৰিকল্পনা তৈয়াৰ কৰে।
  • ছাত্ৰ-ছাত্ৰী/ শিক্ষক/ কৰ্মচাৰীৰ সহায় সহযোগীতাত এক বৃহত পৰ্য্যায়ত বিদ্যালয়/প্ৰতিষ্ঠানসমূহক চাফ-চিকুণ কৰিবৰ বাবে বিশেষ অভিযানৰ আয়োজন কৰা হয়।

পেইণ্টিং/ ৰচনা প্ৰতিযোগিতাঃ

স্বচ্ছতা পষেকৰ সময়ত ৰাষ্ট্ৰীয়/ৰাজ্যিক/জিলা/ব্লকসমূহত আয়োজন কৰা হয়। স্বচ্ছতা পষেকৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অংকন কৰা কিছুমান শ্ৰেষ্ঠ ছবি তলত দেখুওৱা হলঃ