মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

উন্নয়নৰ বাবে ক্ৰীড়া

আধাতে বিদ্যালয় এৰাৰ প্ৰৱণতা ৰোধ কৰাৰ বাবে (বিশেষকৈ কন্যা শিশুসকলৰ) সৰ্বশিক্ষা অভিযান আৰু ইউনিচেফ, অসমৰ যুটীয়া উদ্যোগত উন্নয়নৰ বাবে ক্ৰীড়া শীৰ্ষক কাৰ্যক্ৰম ৰূপায়ণৰ দিহা কৰা হৈছে।

২০১৪-১৬ বৰ্ষত সৰ্বশিক্ষা অভিযানৰ তৰফৰ পৰা ২৮৫টা ক্ৰীড়া সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হৈছিল। ইয়াৰে ৫৭টা টোপোলা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ১১৬টা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ (আৰ.এছ.টি.চি) আৰু ১১২টা প্ৰাথমিক বিদ্যালয়লৈ আগবঢ়োৱা হৈছিল। ক্ৰীড়া উন্নয়নৰ বাবে একাংশ শিক্ষক তথা স্বেচ্ছাসেৱককো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়।