মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা

বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা

অসম সৰ্ব শিক্ষা অভিযানে বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত জিলাৰ বিষয়াসকলৰ লগতে ক্ষেত্ৰ পৰ্য্যায়ৰ বিষয়াসকলৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্য্যসূচী পৰিচালনা কৰি আহিছে।

  • ইউনিচেফৰ লগত অংশীদাৰিত্বৰ অধীনত বিদ্যালয়সমূহত দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰিব পৰাকৈ বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত জিলা ভিত্তিক সমল ব্যক্তিক প্ৰশিক্ষণ দিয়া হৈছে। ২৭ জন জিলা কাৰ্য্যক্ৰম বিষয়া(ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট) আৰু জিলা প্ৰকল্প বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে।
  • অসম সৰ্ব শিক্ষা অভিযান মিছনেও বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনাত মাজুলী আৰু কোকোৰাঝাৰ জিলাত ৪ টা জিলা ভিত্তিক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে। এই প্ৰশিক্ষণসমূহ ক্লাষ্টাৰ সম্পদ কেন্দ্ৰ সমন্বয়কসকলক দিয়া হয় যাতে তেওঁলোকে পিছলৈ মুখ্য সমল ব্যক্তি হিচাপে তেওঁলোকৰ দায়িত্বত থকা বিদ্যালয়সমূহক বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত আৰু প্ণয়ন কৰাত সহায় কৰিব পাৰে। মুঠ দুখন জিলাৰ পৰা ১২০ জন ক্লাষ্টাৰ সম্পদ কেন্দ্ৰ সমন্বয়ক এই চাৰিটা প্ৰশিক্ষণ কাৰ্য্যসূচীত সামৰি লোৱা হয়। এই প্ৰশিক্ষণ কাৰ্য্যসূচী ইউনিচেফ অসম আৰু ৰেড ক্ৰছ সমিতি, অসমৰ সহযোগিতাত কাৰ্য্যকৰী কৰা হয়।
  • বিভিন্ন হিতাধীকাৰীক সচেতন কৰাৰ বাবে এছ.এম.চি. প্ৰশিক্ষণ মডিউলত ডি.আৰ.আৰ. উপাদান অন্তৰ্ভূক্ত কৰা হৈছে আৰু সকলো এছ.এম.চি. সদস্যক এই মডিউল ব্যৱহাৰ কৰি প্ৰশিক্ষণদিয়া হৈছে। দুৰ্যোগ শংকা হ্ৰাসকো বিদ্যালয় উন্নয়ন পৰিকল্পনাত অন্তৰ্ভূক্ত কৰা হৈছে।