মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

মাতৃ গোট, সৰ্বশিক্ষা অসমৰ এক উদ্ভাৱনী পদক্ষেপ

প্ৰতিটো শৈক্ষিক বৰ্ষৰ আৰম্ভণিৰ দিশটোতে প্ৰতিখন বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰতিখন বিদ্যালয়ৰ বাবে একোটিকৈ মাতৃ গোট গঠন কৰিব লাগিব। বিদ্যালয় একোখনৰ প্ৰতিটো ছাত্ৰ-ছাত্ৰীৰ মাক অথবা সংশ্লিষ্ট এলেকাৰ ১৮ বছৰ বয়সৰ ওপৰৰ যিকোনো মহিলাই এই গোটৰ সদস্য হব পাৰে।

মাতৃ গোটসমূহে ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ উপস্থিতি, নিৰীক্ষণ কৰা, মধ্যাহ্ন ভোজনৰ ৰন্ধন বিতৰণৰ বিভিন্ন দিশ চোৱাচিতা কৰা, বিদ্যালয়ৰ চৌহদত পৰিচ্ছন্নতা নিশ্চিত কৰা, দেওবৰীয়া মেল অনুষ্ঠিত কৰা, বিভিন্ন দিৱস আদি উদযাপনত বিদ্যালয় কৰ্তৃপক্ষক সহযোগিতা আগবঢ়োৱা, বিদ্যালয় চৌহদত শাকনিবাৰী স্থাপন কৰা, অঞ্চলটোৰ বিদ্যালয় বহিৰ্ভূত শিশু সম্পৰ্কীয় তথ্য আহৰণ কৰাৰ দৰে কাম-কাজত বিশেষ সহযোগিতা আগবঢ়াব পাৰে।

Downloads
TitleSizeDetail
PDF icon Mother Group Guideline.pdf4.53 MBswf-image