মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

ৰাজহুৱা হিচাপ পৰীক্ষণ

ৰাজহুৱা হিচাপ পৰীক্ষণ ব্যৱস্হাই চৰকাৰী বিভাগ তথা সামাজিক সংগঠন সমূহৰ কাম-কাজলৈ সামাজিক দায়বদ্ধতা আনিব পাৰে। পৃথিৱী জুৰি এই ব্যৱস্হাই শেহতীয়া ভাৱে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেইদৰে সংগঠন সংস্হা কিম্বা বিভাগীয় কৰ্ম-কৰ্তাসকলক সামাজিক ভাৱে দায়বদ্ধ কৰাৰ ক্ষেত্ৰতো এই ব্যৱস্হাই বিশেষ ক্ৰিয়া কৰে।

২০১০-১১ বৰ্ষত একাংশ বিদ্যালয়ত পৰীক্ষামূলক ভাৱে সৰ্বশিক্ষা অভিযানৰ তৰফৰ পৰা ৰাজহুৱা হিচাপ পৰীক্ষণৰ ব্যৱস্হা কৰা হৈছিল। ইয়াৰ জৰিয়তে নিম্নোলিখিত দিশসমূহৰ পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।

  • বিদ্যালয়সমূহৰ উন্নয়ন প্ৰসংগত ,দায়বদ্ধতা তথা সমূহীয়া অংশগ্ৰহণৰ হাৰ বৃদ্ধিৰ প্ৰয়াস কৰা ।
  • বিদ্যালয়সমূহৰ উন্নয়নী কাম-কাজৰ খটিয়ান লোৱাৰ ক্ষেত্ৰত ৰাইজক এক সুযোগ দিয়া।
  • বিদ্যালয়সমূহৰে জড়িত সংশ্লিষ্ট পক্ষসমুহৰ অংশগ্ৰহণ উতসাহিত কৰাৰ লগতে তেওঁলোকৰ দিহা পৰামৰ্শ প্ৰদানৰ ধাৰা সৃষ্টি কৰা।
  • প্ৰয়োজনীয় হাৰত আৰু দক্ষতা অনুযায়ী কাৰ্য সম্পাদন কৰাৰ নিশ্চয়তা সৃষ্টি কৰাৰ লগতে কাম- কাজত হব পৰা ভূল সংশোধনৰ ব্যৱস্থা কৰা।
  • ৰাজহুৱা হিচাপ পৰীক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ জৰিয়তে ৰাইজৰ মনত আপোনত্ব জগাই তোলা
  • ৰাইজ আৰু বিদ্যালয়সমূহৰ মাজত সু-সম্পৰ্ক বজাই ৰখা।
  • সম্পদৰ সদব্যৱহাৰ নিশ্চিত কৰা।

২০১৫-১৬ বৰ্ষৰ পৰা সৰ্বশিক্ষা অভিযান অসমে ৰাজ্যখনৰ সকলো বিদ্যালয়তে ৰাজহুৱা হিচাপ পৰীক্ষণ ব্যৱস্থাৰ পৰম্পৰা আৰম্ভ কৰে।

বিদ্যালয়ৰ হিচাপ পৰীক্ষণ গোটৰ গঠনঃ

সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ৰাজহুৱা হিচাপ পৰীক্ষন গোট এটা গঠনৰ উদ্দেশ্যে এটা সুবিধাজনক দিনত ছাত্ৰ-অভিভাৱক, স্থানীয় নিকায়সমূহৰ প্ৰতিনিধি, বিদ্যালয়পৰিচালনা সমিতিৰ সদস্য মণ্ডলী, জ্যেষ্ঠ নাগৰিক। অৱসৰপ্ৰাপ্ত শিক্ষক, স্বেচ্ছাসেৱী তথা অন্যান্য সামাজিক সংগঠন, দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধি আদিৰ উপস্থিতিৰ এখন সভা অনুষ্ঠিত কৰে।

ৰাজহুৱা হিচাপ পৰীক্ষক গোটৰ গঠন শৈলীঃ

অধ্যক্ষঃ

  • অৱসৰ প্ৰাপ্ত চাকৰিয়াল, শিক্ষক কিম্বা জ্যেষ্ঠ নাগৰিকক অগ্ৰাধিকাৰ দি

সদস্যমণ্ডলীঃ

  • স্থানীয় নিকায়ৰ প্ৰতিনিধি- ১ জন সদস্য
  • স্থানীয় স্বেচ্ছাসেৱী সংগঠন (যুৱক সংঘ/ মহিলা সমিতি/আত্ম সহায়ক গোট) ১জন সদস্য
  • অভিভাৱক, মহিলাক অগ্ৰাধিকাৰ দি- ১ গৰাকী সদস্য
  • গণনাত পাৰদৰ্শিতা থকা স্থানীয় শিক্ষিত যুৱক- ১ জন সদস্য
  • বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিনিধি (সভাপতি তথা সদস্যসচিবৰ বাহিৰে)- ২ জন সদস্য

সদস্যসকলৰ ভিতৰত এজনক গোটৰ সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হয়।

সামাজিক হিচাপ পৰীক্ষণৰ গোটদিয়েক মাপক-

  • স্বচ্ছতা

১। হিচাপ ৰক্ষণৰ শুদ্ধ খতিয়ান প্ৰস্তুত কৰা।
২। বিদ্যালয় পৰিচালনা সমিতিৰ সভাৰ প্ৰতিবেদন প্ৰস্তুত কৰা
৩। সম্পদ পঞ্জীত তথা জমা থকা সমলৰ পঞ্জীয়ন শুদ্ধভাৱে ৰখাৰ ব্যৱস্থা কৰা।
৪। প্ৰদৰ্শনী ফলকৰ ব্যৱস্থা কৰা।
৫। বিদ্যালয়ত সম্পন্ন কৰা যিকোনো কাম-কাজ সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্যক অৱগত কৰাৰ পৰম্পৰা সৃষ্টি কৰা।

  • দায়বদ্ধতা -

১। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য/শিক্ষক/ছাত্ৰ-ছাত্ৰীৰ মাজত দায়িত্ব ভগাই দি সেই মৰ্মে কাম-কাজ চলাই নিয়াৰ ব্যৱস্থা কৰা।
২। বিদ্যালয়ৰ দৈনন্দিন কাম-কাজত বিদ্যালয় পৰিচালনা সমিতিয়ে নজৰ ৰখা।
৩। যথা বিধি/অৰ্হতা অনুসৰি কৰণীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা।

  • অংশীদাৰিত্ব

১। বিদ্যালয় পৰিচালনা সমিতিৰ সক্ৰিয় কৰি ৰাখি নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰা।
২। বিদ্যালয়সমূহৰ উন্নয়নী কাম-কাজত সমাজৰ সম্পূৰ্ণ অংশীদাৰিত্ব নিশ্চিত কৰা।
৩। বিদ্যালয়ৰ বিভিন্ন কাম-কাজত অভিভাৱকৰ আন্তৰিতকাপূৰ্ণ তথা সঘন সহযোগ নিশ্চিত কৰা

ৰাজহুৱা হিচাপ পৰীক্ষণৰ তথ্য অৱগতকৰণ –

  • প্ৰধান শিক্ষক আৰু সংশ্লিষ্ট বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰামৰ্শৰ আধাৰত ৰাজহুৱা হিচাপ পৰীক্ষণ গোটে সকলোৰে সুবিধা অনুযায়ী হিচাপ পৰীক্ষা কাৰ্য সম্পূৰ্ণ কৰে। হিচাপ পৰীক্ষক গোটে হিচাপৰ বাবে বিচৰা খা-খতিয়ান, তথ্যপাতি যোগান ধৰাটো প্ৰতিগৰাকী প্ৰধান শিক্ষক আৰু প্ৰতিখন বিদ্যালয় পৰিচালনা সমিতিৰে দায়িত্ব।
  • ৰাজহুৱা হিচাপ পৰীক্ষক গোটে এক ৰাজহুৱা সভাযোগে সংশ্লিষ্ট সকলো পক্ষ বিদ্যালয় পৰিচালনা সমিতি/স্থানীয় নিকায়/অভিভাৱকৰ লগতে সামগ্ৰিকভাৱে সাধাৰণ ৰাইজক হিচাপৰ খতিয়ান দাঙি ধৰাৰ ব্যৱস্থা কৰে। এই সভা কোনো এটা বন্ধ বাৰত, বিশেষকৈ দেওবাৰে বিদ্যালয় চৌহদত অনুষ্ঠিত কৰা হয়। যিহেতু বিদ্যালয় পৰিচালনা সমিতি আকু বিদ্যালয় কৰ্তৃপক্ষৰ কাম-কাজক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যেহে এই পৰীক্ষণৰ দিহা কৰা হয়, সেয়ে এই সন্দৰ্ভত সভাত আগবঢ়োৱা ইতিবাচক সমালোকনা, উপদেশ-পৰামৰ্শ আদিক আক্ষৰিক অৰ্থতে আদৰণি জনোৱা হয়।
  • হিচাপ পৰীক্ষক গোটে হিচাপ দাখিলৰ বাবে নিৰ্দ্ধাৰিত প্ৰপত্ৰযোগে হিচাপ পৰীক্ষাৰ খতিয়ান জিলা /খণ্ড মিছন বি,য়াৰ ওচৰত দখিল কৰিব লাগে।
  • জিলা কাৰ্যালয়ে এই খতিয়ানসমূহ সংগ্ৰহ কৰি ৰাজ্যিক কাৰ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।