মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

আন্তঃগাঁথনি আৰু সংৰক্ষণ অনুদান

আন্তঃগাঁথনি উত্তৰণ আৰু তদাৰকীৰ বাবে প্ৰতি বছৰে আৰু নিম্ন প্ৰাথমিক বিদ্যালয়লৈ ৫০০০ টকাকৈ, উচ্চ প্ৰাথমিক বিদ্যালয় (টি.জি.এম. আৰু স্থানীয় নিকায় পৰিচালিত বিদ্যালয়কো সামৰি) লৈ ৭০০০ টকাকৈ আগবঢ়োৱাৰ বিপৰীতে তদাৰকী পুঁজি – তিনিটা কোঠা থকা প্ৰতিখন চৰকাৰী/প্ৰাদেশিকীকৃত বিদ্যালয়লৈ ৫০০০ টকাকৈ আৰু তিনিটাতকৈ অধিক শ্ৰেণীকোঠা থকা প্ৰতিখন বিদ্যালয়লৈ ১০০০ টকাকৈ পুঁজিৰ আবণ্টনৰ ব্যৱস্থা কৰা হৈছে। মিছনৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিলৈ বেংক একাউণ্টৰ জৰিয়তে এই পুঁজিৰ ধন আদায় দিয়াৰো ব্যৱস্থা কৰা হৈছে।