মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট প্ৰভাগ

শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে বিদ্যালয়সমূহৰ বিকাশমূলক কাম-কাজত ৰাইজৰ অংশগ্ৰহণৰ গুৰুত্ব লক্ষ্যণীয় ৰূপত বিস্তৃত কৰি তোলা হৈছে। বিদ্যালয় পৰ্যায়ৰ পৰাই পৰিকল্পনা যুগুতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে বিদ্যালয় পৰিচলানা সমিতিসমূহেও যাতে পৰিকল্পনা যুগুতোৱা কাৰ্যত সক্ৰিয় ভূমিকা পালন কৰে সেই কথাত গুৰুত্ব প্ৰদান কৰিছে আইনখনে। আইনখনৰ ২২নং দফাত উল্লেখ কৰা অনুসৰি বিদ্যালয় পৰিচালনা সমিতিসমূহে যুগুতোৱা বিদ্যালয় প্ৰকল্পৰ আধাৰ কৰিয়েই চৰকাৰে পুঁজিৰ আবণ্টন দিব লাগিব। এনে প্ৰেক্ষাপটত যদিহে বিদ্যালয় পৰিচালনা সমিতিসমূহ যথাযোগ্য দক্ষতাসম্পন্ন পেছাদাৰী ব্যক্তিৰ উপস্থিতিৰে শক্তিশালী ৰূপত গঠন কৰা নহয়, তেন্তে শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে বাস্তৱায়িত কৰিব খোজা সপোন সাকাৰৰ প্ৰসঙ্গও সুদূৰপ্ৰসাৰী পৰহাত হোৱাটোৱেই স্বাভাৱিক। বিদ্যালয়সমূহৰ কাম-কাজসমূহত ৰাইজৰ অংশগ্ৰহণৰ বিশেষ গুৰুত্বৰ বাবে সাজু কৰি তুলিবলৈ ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট প্ৰবাগে এলানি কৰ্মসূচী ৰূপায়ণ কৰে।

ৰাইজক সাজু কৰাৰ বাবে লোৱা পদক্ষেপ

  • বিদ্যালয় পৰিচালনা সমিতিসমূহৰ লগতে স্থানীয় কৰ্তৃপক্ষৰ কৰ্মসূচী ৰূপায়ণ দক্ষতা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ, সমাজসেৱী অনুষ্ঠানৰ সহায়ত বিদ্যালয়সমূহৰ উন্নয়ন প্ৰকল্পৰ সুচাৰু ৰূপায়ণ সম্ভৱ কৰি তোলাৰ বাবে সামাজিক ৰূপৰেখাৰ সমীক্ষা কৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিসমূহৰ সদস্যসকলক সচেষ্ট কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ। বিদ্যালয় উন্নয়ন প্ৰকল্পৰ সৈতে দুৰ্যোগ প্ৰশমন প্ৰৱন্ধন ব্যৱস্থাক সংপৃক্ত কৰাৰ ব্যৱস্থা কৰা।
  • শিক্ষাৰ অধিকাৰ আইনৰ সুপ্ৰভাৱ সন্দৰ্ভত জনসমাগত বৃদ্ধি কৰা।
  • সহ বিদ্যায়তনিক ক্ষেত্ৰত ৰাইজৰ নিৰহ-নিপানি সহযোগ নিশ্চিত কৰাৰ উপৰি সকলো প্ৰাথমিক বিদযালয়ত শনিবৰীয়া মেল গঠনৰ উদ্যোগ গ্ৰহণ কৰা।
  • সকলো বিদ্যালয়তে আবণ্টিত পুঁজিৰ যথোচিত ব্যৱহাৰ নিশ্চিতকৰণৰ লগতে ৰাজহুৱা হিচাপ নিৰীক্ষণৰ দিহা কৰা।
  • আনুসঙ্গিক সাফল্যৰ খতিয়ান লোৱা আৰু এনে সাফল্ৰ কাহিনীক আনসকলৰ বাবে অনুপ্ৰেৰণাৰ উত্স হোৱাকৈ উপস্থাপন কৰা।
  • ৰাইজৰ সহযোগিতাৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ লগতে নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ বাবে উত্সৱ বিদ্যাৰম্ভৰ দৰে কাৰ্যসূচী অনুষ্ঠিত কৰা।
  • সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত বিভিন্ন সমিতি আৰু শিক্ষক আহক অভিযানৰ অন্তৰ্ভুক্ত স্বেচ্ছাসেৱকসকলৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতিৰসমূহ তদাৰকী ব্যৱস্থাক শক্তিশালী কৰা।

বিশেষ লক্ষ্য নিৰ্দিষ্ট গোটৰ ক্ষেত্ৰত আৰোপ কৰা গুৰুত্ব

  • ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আধাতে বিদ্যালয় ত্যাগ কৰাৰ প্ৰৱণতা হ্ৰাস কৰা আৰু বিদ্যালয়ত নিয়ময়া উপস্থিতিৰ হাৰ বৃদ্ধি কৰাত গুৰুত্ব চৰ অঞ্চল আৰু চাহবাগিছা এলেকাত বিশেষ গুৰুত্ব প্ৰদান।
  • ভাষাৰ অন্তৰায় আঁতৰোৱা, জীৱন দক্ষতা, সমাজ তথা অভিভাৱকৰ কন্যা সন্তানৰ শিক্ষাৰ প্ৰতি থকা অনীহা প্ৰশমিত কৰাৰ ক্ষেত্ৰত সমূহীয়া পদক্ষেপ গ্ৰহণত গুৰুত্ব।
  • সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধি, জনমত গঠনকাৰী, সংবাদ মাধ্যম আদিৰ স্থিতি পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয়া যুক্তিবাদী কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব।
Downloads
TitleSizeDetail
Azara Keotpara School Development Plan.pdf145.36 KBswf-image
School Grant-hand_book_CP_SFG.pdf1.5 MBswf-image