স্বচ্ছতা পষেক
ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দেশানুসৰি অসম সৰ্ব শিক্ষা অভিযানে সকলো চৰকাৰী/ প্ৰাদেশিকৃত বিদ্যালয়ক স্বচ্ছতা পষেক ১-১৫ ছেপ্তেম্বৰ, ২০১৭ ত পালন কৰিবলৈ নিৰ্দেশ দিয়ে। বিভিন্ন ধৰণৰ স্বচ্ছতা কাৰ্য্যাৱলীৰ জৰিয়তে ৰাজ্যখনৰ বিদ্যালয়সমূহত ইয়াক উদযাপন কৰা হয়। ইয়াৰে কিছু তলত উল্লেখ কৰা হল-
- পষেকৰ দ্বিতীয় দিনা এছ.এম.চি./পি.টি.এ আৰু শিক্ষকসকলৰ এখন সভা অনুষ্ঠিত হয় যত শিক্ষক আৰু শিশুসকলৰ মাজত চাফ-চিকুণতা আৰু অনাময়ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰা হয়; আৰু বিদ্যালয় আৰু ঘৰত স্বাস্থ্যকৰ আৰু অনাময় অভ্যাসসমূহ বৰ্তি ৰাখিবৰ কাৰণে তেওঁলোকক উত্সাহিত আৰু অনুপ্ৰেৰণা যোগোৱা।
- ৰাতিপুৱা প্ৰাৰ্থনা সভাত ছাত্ৰ-ছাত্ৰীসকলে স্বচ্ছতাৰ ওপৰত বক্তৃত্বা আগবঢ়ায়।
- স্বচ্ছতাৰ ওপৰত কুইজ
- শিক্ষকসকলে বিদ্যালয়/ সংস্থাৰ প্ৰতিটো চোকে কোণে অনাময়ৰ সুবিধাসমূহৰ পৰীক্ষা কৰে আৰু সুবিধাসমূহ নিশ্চিত কৰাৰ কাৰণে ব্যক্তিগত পৰিকল্পনা তৈয়াৰ কৰে।
- ছাত্ৰ-ছাত্ৰী/ শিক্ষক/ কৰ্মচাৰীৰ সহায় সহযোগীতাত এক বৃহত পৰ্য্যায়ত বিদ্যালয়/প্ৰতিষ্ঠানসমূহক চাফ-চিকুণ কৰিবৰ বাবে বিশেষ অভিযানৰ আয়োজন কৰা হয়।
পেইণ্টিং/ ৰচনা প্ৰতিযোগিতাঃ
স্বচ্ছতা পষেকৰ সময়ত ৰাষ্ট্ৰীয়/ৰাজ্যিক/জিলা/ব্লকসমূহত আয়োজন কৰা হয়। স্বচ্ছতা পষেকৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অংকন কৰা কিছুমান শ্ৰেষ্ঠ ছবি তলত দেখুওৱা হলঃ