মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

সৰ্বশিক্ষা অভিযানৰ উপাদানসমূহ

নিৰ্মাণ কৰ্ম

শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়সমূহত এক উপযুক্ত বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত নিৰ্মাণ কৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। বিদ্যালয় একোখনৰ উপযুক্ত বাতাবৰণে ছাত্ৰ-ছাত্ৰীসকলক, বিশেষকৈ অনুন্নত অঞ্চলৰ শিশুসকলক পঢ়াশালিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকৰ উপস্থিতি নিয়মীয়াকৰণতো বিশেষ ভূমিকা পালন কৰা দেখা যায়।

 কাৰিকৰী দিশ

এই শিতানে মূলতঃ ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ দফাসমূহে বিচৰা ধৰণৰ আন্তঃগাঁঠনি আগবঢ়ায়। নিৰ্মাণ কৰ্মৰ কাৰ্যক্ৰমণিকা এনেদৰে ৰূপায়িত কৰা হয় যে ই কেৱল ভাল, বৰ্তি থাকিব পৰা অথচ মিতব্যয়ী আন্তঃগাঁঠনি তৈয়াৰ কৰাই নহয়, অঞ্চলবাসীৰ গ্ৰহণযোগ্য কৰাতো গুৰুত্ব আৰোপ কৰে। এনে আন্তঃগাঁঠনি নিৰ্মাণৰ পূৰ্বে ভাৰতীয় মানক ব্যুৰোৰ নীতি-নিৰ্দেশনা আৰু ৰাজ্যত শেহতীয়াভাৱে চলি থকা এ.পি.ডব্লিউ.ডি.ৰ সাধাৰণ অৰ্হতাৰ আধাৰত পৰিকল্পনা যুগুতোৱা আৰু নক্সা প্ৰস্তুত কৰা হয়। পঞ্চম পৰ্যায়ৰ ভূমিকম্প প্ৰৱণ এলেকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পৰ্যালোচনা সম্পন্ন কৰাৰ লগতে ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণং বিধিৰ আধাৰত ঘূৰ্ণী বতাহৰ প্ৰকোপ প্ৰতিৰোধী ব্যৱস্থাৰে নিৰাপদ আৰু শিশু উপযোগী নিৰ্মাণ কাৰ্য সম্পন্ন কৰাত কাৰিকৰী গোটসমূহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। অঞ্চল বিশেষে মাটিৰ গুণাগুণ অথবা তৰপৰ তাৰতম্য বিদ্যমান যদিও প্ৰতিখন বিদ্যালয় সাপেক্ষে গৃহ নিৰ্মাণৰ আৰ্হি প্ৰস্তুত কৰাটো সম্ভৱ নহয়। সেয়েহে কোনো এলেকাত যদি আদৰ্শ নক্সাটো নিৰ্মাণৰ বাবে উপযুক্ত নহয় তেন্তে উপযুক্ত কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰি অনুমোদন জনোৱা আৰ্হি আৰু পৰিকল্পনাৰে নিৰ্দিষ্ট বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰা প্ৰয়োজনীয়তা থাকিব।

পঢ়াশালিৰ প্ৰতি শিশুসকলক আগ্ৰহী কৰি নামভৰ্তিৰ লগতে নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈ হলে বিদ্যালয় ভৱনৰ নিৰ্মাণ আকৰ্ষণীয় আৰু আৰামদায়ক হোৱাটো বাঞ্চনীয়। বিশেষভাৱে সক্ষম শিশুৰো সহজ চাল-চলন সম্ভৱ হব পৰা নিৰ্মাণশৈলী ব্যৱহাৰটো গুৰুত্ব আৰোপ কৰা হৈছে। শিক্ষাৰ অধিকাৰ আইনত সন্নিৱিষ্ট অনুসূচীত বিদ্যালয় ভৱন নিৰ্মাণৰ অৰ্হতা আৰু মন নিৰ্দ্ধাৰণ কৰি দিছে। বিদ্যালয় এখনৰ ভৱন সকলো বতৰতে বৰ্তি থাকিব পৰা ধৰণে নিৰ্মাণ কৰাৰ লগতে একোজন শিক্ষকৰ বাবে অন্ততঃ একোটা শ্ৰেণীকোঠা, এটা দ্ৰব্য ভাণ্ডাৰ সহ এটা কাৰ্যালয় গৃহ, প্ৰধান শিক্ষকৰ বাবে এটা আচুতীয়া কোঠা, বাধাৰহিত প্ৰবেশ পথ, প্ৰস্ৰাৱগাৰ, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰাপদ আৰু যথেষ্ট পৰিমাণৰ খোৱাপানীৰ ব্যৱস্থা, বিদ্যালয় ভৱনৰ নিৰাপত্তাৰ বাবে চৌহদত চাৰিবেৰৰ ব্যৱস্থা, মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় ৰান্ধনী গৃহ তথা দ্ৰব্য ভাণ্ডাৰ, খেল-পথাৰ, খেল-ধেমালিৰ বিভিন্ন সা-সঁজুলি, গ্ৰন্থাগাৰ আৰু শিক্ষণ-শিকন সামগ্ৰী উপলব্ধ হোৱাকৈ হব লাগিব।

শিশুসকলক ন্যূনতম সা-সুবিধা আগবঢ়াব পৰাকৈ বিদ্যালয়সমূহত সদ্যহতে থকা আন্তঃগাঁঠনিৰ উত্তৰণ ঘটোৱা আৰু বিদ্যালয় বিশেষে থকা আন্তঃগাঁঠনিৰ ব্যৱধানসমূহ ডাইছ সমীক্ষাৰে চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিভাগীয় অভিযন্তাই কৰা ক্ষেত্ৰভিত্তিক সমীক্ষাৰ অন্তত এনে ব্যৱধানৰ চিনাক্তকৰণ হয়। শিক্ষাৰ অধিকাৰ আইনৰ নিৰ্দেশাৱলীৰ প্ৰতি দৃষ্টি ৰাখি জিলা পৰ্যায়ত পৰিকল্পনা যুগুতোৱা হয়। প্ৰাথমিক পৰ্যায়ত নিৰ্মাণ সম্পৰ্কীয় প্ৰতিটো প্ৰস্তাৱ ৰূপায়ণ কৰিব পৰাকৈ পৰ্যাপ্ত ভূমিৰ উপলব্ধজাত গুৰুত্ব আৰোপ কৰা হয়। পৰিকল্পনা যুগুতোৱাৰ সময়ত অতিৰিক্ত শ্ৰেণী কোঠা, প্ৰস্ৰাৱ গৃহ, খোৱাপানীৰ সা-সুবিধা আদিৰ ক্ষেত্ৰত এম.এছ.ডি.পি, পি.এইচ.ই.ডি, জি.অ.এ, ৰাজহুৱা প্ৰতিষ্ঠান, কৰ্পোৰেট আদিৰ সহযোগিতা াদিৰ সমীক্ষা কৰি বাৰংবাৰতা পৰিহাৰত গুৰুত্ব আৰোপ কৰা হয়।

নক্সা আৰু প্ৰাককলন প্ৰণয়ন –

গড়কাপ্তানি বিভাগৰ (গৃহ) শেহতীয়া তালিকাৰ অনুমোদিত দৰত নক্সা আৰু প্ৰাককলন যুগুতোৱাৰ উপৰি অনুমোদন লোৱা হয় ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ পৰা। গোট ব্যয় সন্দৰ্ভত অৱশ্যে অসম চৰকাৰেও অধিসূচনা জৰি কৰে।

ৰূপায়ণকাৰী সংস্থা

বিদ্যালয় ভৱনৰ লগতে অন্যান্য নিৰ্মাণ কৰ্মৰ ৰূপায়ণ, সেইবোৰৰ ৰক্ষণাবেক্ষণ আদিত অঞ্চলবাসীৰ সক্ৰিয় অংশগ্ৰহণ সম্ভৱ কৰাটো সৰ্বশিক্ষা অভিযানৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। এনে প্ৰত্যাশা পূৰণৰ লক্ষ্যৰে সৰ্বশিক্ষা অভিযানৰ আৰম্ভণিৰ পৰা প্ৰতিখন বিদ্যালয়ৰ বাবে একোখন বিদ্যালয় পৰিচালনা সমিতি গঠন কৰি ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত কৰাই বিদ্যালয়সমূহৰ নিৰ্মাণ কৰ্ম সম্পাদনৰ দয়িত্ব অৰ্পণ কৰা হৈছে। সমিতিসমূহে জিলা আৰু খণ্ড পৰ্যায়ৰ কাৰিকৰী বিশেজ্ঞ গোটৰ পৰামৰ্শৰ আধাৰত নিৰ্মাণ কাৰযৰ তদাৰকীৰ দায়িত্ব পালন কৰি আহিছে।

Downloads
TitleSizeDetail
PDF icon Construction norms.pdf212.49 KBswf-image