মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

সৰ্বশিক্ষা অভিযানৰ উপাদানসমূহ

গৱেষণা আৰু মূল্যায়ন

গৱেষণা মূল্যায়ন নিৰীক্ষণ তথা তত্বাৱধান (আ.ই.এম.এচ) হৈছে সৰ্বশিভাৰ অন্যতম কৰ্মক্ষেত্ৰ। ইয়াৰ অধীনত বিভিন্ন ধৰণৰ সমীক্ষা তথা অধ্যয়নৰ জৰিয়তে বিভিন্ন পদক্ষেপ তথা কৰ্মসূচীৰ সামৰ্থ্য তথা প্ৰভাৱৰ পৰ্যালোচনা চলোৱা হয়। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আদিক জড়িত কৰি এনে ধৰণৰ সমীক্ষা কিম্বা অধ্যয়ন আদি সম্পন্ন কৰা হয়। যোৱাটো বৰ্ষত সূচনা কৰা শিক্ষা সমৃদ্ধি (শালা সিদ্ধি) শীৰ্ষক এক বিদ্যালয় মূল্যায়ন কৰ্মসূচীৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ৰ সাফল্য সমীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে।