মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়

উপেক্ষিত কন্যা সন্তানৰ প্ৰতি শিক্ষাক অধিক সংবেদনশীল কৰি গঢ়ি তোলাৰ বাবে বিদ্যালয়ত এনে শিশুৰ নামভৰ্তি তথা নিয়মীয়া উপস্থিতিৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (কে.জি.বি.ভি) আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত দেশৰ শৈক্ষিকভাৱে পিছপৰা অঞ্চল, চহৰ আৰু সংখ্যালঘু অধ্যুষিত এলেকাসমূহত এলানি আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয়ত কেৱল ছাত্ৰীৰ বাবে স্থাপন কৰা হৈছিল। ১০ৰ পৰা ১৪ বছৰ বয়স-সীমাৰ অন্তৰ্গত অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা সম্প্ৰদায়, সংখ্যালঘু সম্প্ৰদায় তথা দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ ছাত্ৰীসকলক এইসমূহ বিদ্যালয়ত উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ ব্যৱস্থা কৰা হয়।

অসমত ২০০৭-০৮ বৰ্ষত কে.জি.বি.ভি আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। ২০১৬-১৭ বৰ্ষ পৰ্যন্ত ৰাজ্যখনত মুঠ ৫৭খন কে.জি.বি.ভি স্থাপন কৰা হৈছে। অসমৰ ২৭খন জিলাৰ ৫৬টা শৈক্ষিকভাৱে পিছপৰা অঞ্চলৰ বিপৰীতে এখন চহৰত এইসমূহ কে.জি.বি.ভি স্থাপন কৰা হৈছে। এইসমূহত মুঠ ৩০০০ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে।

শিশুৰ বাছনি

নামভৰ্তিৰ বাবে প্ৰয়োজনীয় অৰ্হতা

মূলতঃ সামান্যভাৱে বয়সীয়াল, বিদ্যালয়ৰ আওতাৰ বাহিৰত ৰৈ যোৱা আৰু ১০+ বছৰতো প্ৰাথমিক শিক্ষা সাং কৰিব নোৱাৰা কন্যা শিশুসকলক প্ৰাথমিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰাত গুৰুত্ব দিয়া হয়। অৱশ্যে কেতবোৰ অতিকে দুৰূঢ় প্ৰত্যন্ত এলেকা (যাযাবৰী লোকবসতি, সিঁচৰিত হৈ থকা আৱাসিক এলেকা, নিম্ন/উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপনৰ সম্ভাৱনা নথকা)ৰ কম বয়সীয়া কন্যা শিশুকো নামভৰ্তি সুযোগ প্ৰদানৰ ব্যৱস্থা ৰখা হৈছে। উচ্চ প্ৰাথমিক শ্ৰেণীত কিশোৰীসকলক বিশেযকৈ নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰা ছাত্ৰীসকলক নামভৰ্তিৰ সুযোগ দিয়া হয়। শৈক্ষিকভাৱে পিচপৰা এলেকাৰ উপেক্ষিত শ্ৰেণীৰ পৰিয়ালৰ কন্যা শিশুসকলক উচ্চ প্ৰাথমিক শ্ৰেণীৰ শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰাটোৱেই আঁচনিখনৰ প্ৰধান উদ্দেশ্য।

সংৰক্ষণ নীতি

লক্ষ্য নিৰ্দিষ্ট আঁচনি হিচাপে এনেবোৰ বিদ্যালয়ৰ আমনৰ ৭৫ শতাংশ অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ শিশুৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে বাকী ২৫ শতাংশ আসন পূৰণ কৰা হয় অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুৰ দ্বাৰা। বিশেষভাৱে প্ৰয়োজনীয়তা থকা কন্যা শিশুসকলক নামভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয়। সেইদৰে শৈক্ষিকবাৱে পিছপৰা অঞ্চল (১ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাত এখনো নিম্ন প্ৰাথমিক আৰু ৩ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাত এখনো উচ্চ প্ৰাথমিক বিদ্যালয় নথকা)ৰ কন্যা শিশুসকলকো অগ্ৰাধিকাৰ ভিত্তিত নামভৰ্তিৰ সুযোগ দিয়া হয়।

নামভৰ্তি প্ৰক্ৰিয়া

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ ১৫ দিন পূৰ্বে নামভৰ্তি পৰ্ব আৰম্ভ হয়। আসন খালী থাকিলেহে বিলম্বিত আবেদন বিবেচনালৈ আহে। প্ৰথম বৰ্ষত কে.জি.বি.ভি.ত নামভৰ্ত্তি কৰোৱা ছাত্ৰীসকলে দ্বিতীয় বৰ্ষৰ নামভৰ্তিৰ সময়ত অগ্ৰাধিকাৰ লাভ কৰে।

যথোচিত শ্ৰেণীৰ সিদ্ধান্ত

নামভৰ্তিৰ বাবে অহা শিশুসকলক যথোচিত শ্ৰেণীত স্থান দিয়াৰ বাবে এক দক্ষতা মাপক পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হয়। এই পৰীক্ষাৰ ফলাফলৰ আধাৰতে শিশুসকল ষষ্ঠ, সপ্তম অথবা অষ্টম শ্ৰেণীত নামভৰ্তিৰ সুযোগ দিয়া হয়। আনহাতে, ষষ্ঠ মানলৈ উন্নীত হোৱাৰ বাবে ব্যক্তিগত গুৰুত্ব দিয়াৰ প্ৰয়োজন থকা শিশুসকলৰ বাবে সেতুবন্ধন কাৰ্যক্ৰমৰো ব্যৱস্থা ৰখা হৈছে।

লক্ষ্য নিৰ্দিষ্ট কন্যা শিশু চিনাক্তকৰণৰ কৌশল

খণ্ড পৰ্যায়ত বিদ্যালয়ৰ আওতাৰ বাহিৰত ৰৈ যোৱা অথবা আধাতে বিদ্যালয় এৰিবলৈ বাধ্য হোৱা কন্যা শিশুসকলৰ তালিকা প্ৰস্তুত কৰা হয়। গাঁৱে গাঁৱে শিক্ষা সমিতিৰ সভা অনুষ্ঠিত কৰি জন সজাগতা সৃষ্টিৰ লগতে কন্যা সন্তানৰ শিক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলক উত্সাহিত কৰাৰ উপৰি সম্ভাৱনাপূৰ্ণ অঞ্চলৰ বাসিন্দাসকলৰ ঘৰে ঘৰে গৈও জন সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

কে.জি.বি.ভি.ত সম্পাদিত কাৰ্যাৱলী

  • শিশুৰ বাবে সমৰ কলা (স্বনিৰাপত্তা)ৰ প্ৰশিক্ষণ
  • সপ্তাহ ভিত্তিক জীৱন দক্ষতা সম্পৰ্কীয় শিক্ষাৰ বাধ্যতামূলক পাঠদানৰ ব্যৱস্থা
  • কম্পিউটাৰৰ শিক্ষা
  • চিলাই, উিভিং, হস্ত, কলা, ঊল গুঁঠা, স্ক্ৰীণ প্ৰিণ্টিং, এমব্ৰইদেৰী, পুতনা সজা আদিৰ দৰে বৃত্তিমূলক শিক্ষাৰ পাঠদান
  • ছাত্ৰীসকলে গান-নাচ, কবিতা আবৃত্তি, নাট, খেল-ধেমালি, ছবি অঁকা, শাকনীবাৰী পতাৰ দৰে কাম-কাজৰো অনুশীলন কৰে।
  • কে.জি.বি.ভি. শিক্ষা গ্ৰহণ কৰি থকা সকলো শিক্ষাৰ্থীক মাহেকীয়া পৰিচ্ন্নতা বিধি সম্পৰ্কীয় শিক্ষাকে ধৰি স্বাস্থ্য সচেতনতাৰ বিশেষ শিক্ষা দিয়া হয়।
  • কে.জি.বি.ভিৰ সকলো শিক্ষাৰ্থীৰে দুমাহৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰা হয়। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগিতা গ্ৰহণ লাভ কৰে কে.জি.বি.ভি.য়ে।
  • সকলো ধৰণৰ সৰু-সুৰা বেমাৰ-আজাৰৰ লগতে অপুষ্টি আদি নিৰাময়ৰো ব্যৱস্থা আগবঢ়োৱা হয়।
  • বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় দিৱস, স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আদিৰ দৰে গুৰুত্বপূৰ্ণ দিৱস আদি উদযাপনৰো দিহা কৰা হয়। এনেবোৰ দিৱসত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য-গীত, কুইজ আদি প্ৰতিযোগিতাও কে.জি.বি.ভি.সমূহত অনুষ্ঠিত হয়।
  • আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ পদ্ধতি সাৰোগত কৰি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰা হয়। বছেৰেকত চাৰিবাৰকৈ এনে মূল্যায়ন অনুষ্ঠিত কৰা হয়।
  • সকলো শিক্ষাৰ্থীকে অন্তৰ্বাস, বিছনা চাদৰ, গাৰুৰ গিলিক, চেণ্ডেল, গা ধোৱা সামগ্ৰী, চেনিটেৰী পেড, অনুশীলনৰ বহীৰ লগতে পেন, পেন্সিল. জ্যামিতি বক্স, ৰঙীন পেন্সিল, ৰবৰ, পেন্সিল জোঙা কৰা যন্ত্ৰ আদিৰ যোগান ধৰা হয়।
  • কে.জি.বি.ভি.য়ে নিজাববীয়াকৈ কাম-কাজৰ তদাৰকী কৰাৰ উপৰি এনেবোৰ শিক্ষানুষ্ঠানৰ বিশেষ নিৰীক্ষণ কৰে। সৰ্বশিক্ষা অভিযানৰ খণ্ড, জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বিষয়াবৰ্গই চোৱাচিতা কৰে।
  • অভিভাৱক শিক্ষকৰ সভা – সকলো কে.জি.বি.ভিয়ে মাহেকীয়া অভিভাৱক-শিক্ষকৰ সভা অনুষ্ঠিত হয়।
  • কে.জি.বি.ভি.ৰ স্থায়ী ভৱনৰ নিৰ্মাণ – ৰাজ্যখনৰ ৫৭খন কে.জি.বি.ভি.ৰ ভিতৰৰ ৫৪খনৰে নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ইফালে বাকী থকা তিনিখনৰ নিৰ্মাণো দ্ৰুত গতিত আগবাঢ়ি আছে।

২০১৭-১৮ বৰ্ষত আন ১০খন নতুন কে.জি.বি.ভি.ৰ শুভাৰম্ভ কৰাৰ সিদ্ধান্ত 

২০১৭-১৮ চনত নতুনকৈ ১০খন কে.জি.বি.ভি. মুকলি কৰাৰ বাবে অনুমোদন জনোৱা হৈছে।

 

ক্ৰমিক নংজিলামুকলি কৰিবলগীয়া কেন্দ্ৰ
ধুবুৰী
গোৱালপাৰা
হোজাই
মৰিগাওঁ
নগাওঁ
পশ্চিম শালমৰা
তিনিচুকীয়া
ওদালগুৰি
মুঠ মুকলি কৰিবলগীয়া কে.জি.বি.ভি.১০

গোটাদিয়েক সাফল্য

  • কে.জি.বি.ভি.ৰ সূচনাৰে পৰা এই পৰ্যন্ত ৪,২৭৫গৰাকী ছাত্ৰীয়ে অষ্টম মান শ্ৰেণী পৰীক্ষাত সফলতা লাভ কৰাৰ উপৰি তেওঁলোকে ইতিমধ্যে মাধ্যমিক বিদ্যালয়ৰ নৱম মানত নামভৰ্তি কৰিছে।
  • ২০১৬ চন পৰ্যন্ত ১,২৮৬গৰাকী ছাত্ৰী দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে মুট ১,০৬৩গৰাকী ছাত্ৰীয়ে পৰীক্ষাত সাফল্য লাভ কৰাৰ বিপৰীতে ১৩৪গৰাকীয়ে প্ৰথম বিভাগ, ৫৩৫গৰাকীয়ে দ্বিতীয় বিভাগ, ৩৯২গৰাকীয়ে তৃতীয় বিভাগ আৰু ১২২গৰাকীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হবলৈ সক্ষম হয়।
  • ২০১৭ পৰ্যন্ত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ১,৭২২গৰাকী ছাত্ৰীৰ ১,৩৪৯ (৭৮.৯ শতাংশ) গৰাকীয়ে সফলতা অৰ্জন কৰে। ইয়াৰে-
    • প্ৰথম বিভাগতঃ ১৮৭গৰাকী
    • দ্বিতীয় বিভাগতঃ ৭০১গৰাকী
    • তৃতীয় বিভাগতঃ ৪৫৬গৰাকী
    • বিভিন্ন বিষয়ত লেটাৰ নম্বৰঃ ১৫৪গৰাকীৰ।
Downloads
TitleSizeDetail
List of KGBV.xlsx14.68 KBswf-image
List of Materials.xlsx13.02 KBswf-image
List of Staff.docx13.29 KBswf-image
List of Departments agencies.docx11.66 KBswf-image
FUND and KGBV norms 2015-16.pdf4.62 MBswf-image
Guideline for implementation KGBV.pdf585.61 KBswf-image
KGBV Report 2016.pdf1.12 MBswf-image
KGBV Report Handball.pdf572.11 KBswf-image