মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

আমাৰ স্বপ্ন আৰু অভিযান

আমাৰ সপোন

২০০০-২০০১ বৰ্ষৰ পৰা সৰ্ব শিক্ষা অভিযান অসমত কাৰ্য্যকৰী হয়। শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন হোৱাৰ লগে লগে সৰ্ব শিক্ষা অভিযানৰ পদ্ধতি, কৌশল আৰু নীতিসমূহৰ পৰিৱৰ্তনকো একত্ৰিত কৰাৰ আৱশ্যকতা আছে। পৰিৱৰ্তনসমূহ কেৱল শিক্ষক আৰু শ্ৰেণী কোঠাৰ লগতেই সীমিক নহয়, বৰঞ্চ শিশু কেন্দ্ৰিক অধিকাৰসমূহলৈ পৰিৱৰ্তনৰ প্ৰমাণ হিচাপে প্ৰাথমিক শিক্ষাৰ দৃষ্টিভংগীক অন্তৰ্ভূক্ত কৰা আৰু বিদ্যালয়সমূহত গুণগত প্ৰাথমিক শিক্ষা প্ৰদান কৰা।

  • শিক্ষাৰ সামগ্ৰিক দৃষ্টিকোণ, ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাত ব্যাখ্যা কৰা হৈছে, ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে পাঠ্যক্ৰম, শিক্ষক শিক্ষা, শৈক্ষিক পৰিকল্পনা আৰু প্ৰৱন্ধনৰ কাৰণে পদ্ধতিগত ভাৱে সম্পূৰ্ণ সূচীপত্ৰৰ পৰিৱৰ্তন কৰা আৰু শিক্ষাৰ ব্যৱস্থাটোৰ এক প্ৰণালীগত সংশোধন কৰা।
  • নিৰপেক্ষতা মানে কেৱল সমান সুযোগকেই নুবুজাই, বৰঞ্চ এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰাটো বুজাই যত সমাজৰ বঞ্চিত বৰ্গ যেনে- অনুসূচীত জাতি, অনুসূচীত জনজাতি, মুছলমান সংখ্যালঘূ, ছোৱালী, ভূমিহীন কৃষি শ্ৰমিকৰ শিশু আৰু বিশেষভাৱে সক্ষম শিশুসকল আদিয়েও এই সুবিধাসমূহ লাভ কৰিব পাৰে
  • অনুমতি, মানে কোনো এখন বিদ্যালয় নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত সকলো লৰা- ছোৱালীৰ বাবে উপলব্ধ হোৱাটো সুনিশ্চিত কাতেই সীমিত নহয়, বৰঞ্চ পৰম্পৰাগতভাৱে বহিষ্কৃত শ্ৰেণী যেনে- অনুসূচীত জাতি, অনুসূচীত জনজাতি, সমাজৰ বঞ্চিত বৰ্গ, মুছলমান সংখ্যালঘূ, ছোৱালী আৰু বিশেষভাৱে সক্ষম শিশুৰ শিক্ষাগত চাহিদা আৰু বিপৰ্যয়ৰ ধীশশক্তিক দৰ্শাই।
  • লিংগ উদ্বেগে কেৱল ছোৱালী এজনীয়ে লৰাৰ লগত সমানে খোজ মিলাব পৰাকৈ গঢ়ি তোলাৰ প্ৰচেষ্টাকেই নুবুজাই বৰঞ্চ ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬/৮৭ ত বৰ্ণনা কৰা অনুসৰি শিক্ষাক চাব লাগে, অৰ্থাত মহিলাসকলৰ অৱস্ঙাৰ এক মৌলিক পৰিৱৰ্তন আনিবৰ বাবে এক নিৰপেক্ষ হস্তক্ষেপ।
  • শিক্ষকৰ কেন্দ্ৰবিন্দু, শিশুসকলক শ্ৰেণীকোঠাৰ এক সংস্কৃতি গঢ়ি তুলিবৰ বাবে অনুপ্ৰেণিত কৰা আৰু শ্ৰেণী কোঠাৰ বাহিৰত এক অন্তৰ্নিবেশী পৰিবেশৰ সৃষ্টি কৰা, বিশেষকৈ উত্পীড়িত আৰু প্ৰান্তস্থিত পটভূমিৰ ছোৱালীসকলৰ বাবে।
  • শান্তিমূলক প্ৰক্ৰিয়াৰ ওপৰত জোৰ দিয়াৰ পৰিৱৰ্তে অভিভাৱক, শিক্ষক, বিদ্যালয় প্ৰশাসক আৰু অন্যান্য হিতাধীকাৰীসকলৰ ওপৰত শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে নৈতিক বাধ্যকাধকতা প্ৰয়োগ কৰা হয়।
  • শিক্ষাৰ অধিকাৰ আইনক কাৰ্য্যকৰী কৰিবৰ বাবে শিক্ষা ব্যৱস্থাৰ অভিসাৰী আৰু একীভূতকৰণ পদ্ধতিৰ এক পূৰ্ব- আৱশ্যকতা আছে। যিমান দূৰ সম্ভৱ সকলো ৰাজ্যই এই দিশেৰে পৰিচালিত হোৱাটো প্ৰয়োজন।

অভিযান

  • সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ কাৰণে স্পষ্ট সময়সীমাৰ সৈতে কাৰ্য্যক্ৰম।
  • সমগ্ৰ দেশতে গুণগত মৌলিক শিক্ষাৰ চাহিদা সম্পৰ্কে এক প্ৰতিক্ৰিয়া।
  • মৌলিক শিক্ষাৰ মাধ্যমেৰে সামাজিক ন্যায় প্ৰচাৰৰ এক সুযোগ।
  • সমগ্ৰ দেশতেই সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ কাৰণে ৰাজনৈতিক ইচ্ছাৰ অভিব্যক্তি।
  • কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় চৰকাৰৰ লগত অংশীদাৰিত্ব।
  • ৰাজ্যসমূহৰ কাৰণে প্ৰাথমিক শিক্ষাৰ ওপৰত তেওঁলোকৰ নিজস্ব দৃষ্টিকোণৰ উন্নতি ঘটোৱাৰ এক সুযোগ।
  • প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থাপনা পঞ্চায়তী ৰাজ অনুষ্ঠান, বিদ্যালয় প্ৰৱন্ধনা সমিতি, গ্ৰাম্য আৰু নগৰীয় পিছপৰা অঞ্চলৰ শিক্ষা সমিতি, অভিভাৱক শিক্ষক সন্মিলন, মাতৃ- শিক্ষক সন্মিলন, জনজাতিয় স্বায়ত্ব শাসিত পৰিষদ আৰু অন্য তৃণমূল পৰ্য্যায়ৰ অবকাঠামোৰ লগত জড়িত এক প্ৰচেষ্টা।