মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

স্বচ্ছ বিদ্যালয় পুৰস্কাৰ

২০১৫ বৰ্ষত সৰ্বশিক্ষা অভিযান অসমে দেশৰ ভিতৰতেই স্বচ্ছ বিদ্যালয় পুৰস্কাৰৰ ব্যৱস্থা কৰা প্ৰথমখন ৰাজ্য হিচাপে বিবেচিত হয়। ২০১৬ বৰ্ষত ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচিত বিদ্যালয়ক এই পুৰস্কাৰ প্ৰদান কৰা হয়।

স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয় আৰ্হিত ৰাজ্যখনৰ যিবোৰ বিদ্যালয়ত অনাময়, স্বাস্থ্য, ভাল অভ্যাস গঢ়ি তোলা, শৌচাগাৰ-প্ৰস্ৰাৱগাৰৰ উচিত ব্যৱহাৰ আদিৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল তেনে বিদ্যালয়সমূহক এই পুৰস্কাৰ প্ৰদান কৰা হৈছিল।

উদ্দেশ্য: এই প্ৰচেষ্টাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক অনাময় ব্যৱস্থাৰ ব্যৱহাৰ আৰু ইয়াৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে উত্সাহিত কৰা।

মূল্যাংকনৰ মূলাধাৰসমূহ হৈছে :

  • পানীৰ সুৰক্ষা আৰু ইয়াৰ প্ৰতিপালন
  • মধ্যাহ্ন ভোজনৰ সৈতে সংগতি ৰাখি গঢ়ি তোলা পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভ্যাসসমূহ
  • বিদ্যালয়ৰ পৰিবেশ আৰু ইয়াৰ প্ৰতিপালন
  • সুৰক্ষিত আৰু সাৰ্বিক সা-সুবিধা
  • সমাজৰ অংশগ্ৰহণ
  • অনাময় ব্যৱস্থাৰ অৱস্থা আৰু ব্যৱহাৰ
  • মধ্যাহ্ন ভোজনৰ অৱশিষ্টৰ নিষ্পত্তিকৰণ
  • ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু সজাগতা
  • শিশুৰ অংশগ্ৰহণ

স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদানৰ প্ৰক্ৰিয়া :

  • চাৰিটা পৰ্যায়ৰ মূল্যাংকনৰ দ্বাৰা এখন বিদ্যালয়ক এই পুৰস্কাৰৰ বাবে চয়ন কৰা হয়।
  • স্ব-মূল্যাংকন, এচ.বি.এচ.ভিৰ অন্তৰ্গত উল্লেখিত ৫৩টা সূচাংকৰ বিপৰীতে বিদ্যালয়ে পোনতে নিজকে মূল্যাংকন কৰি নম্বৰ দিব।
  • জিলা ভিত্তিক মূল্যায়ন
  • তৃতীয় পৰ্যায়ৰ মূল্যায়ন আৰু ৰাজ্যৰ দ্বাৰা স্বীকৃতি
  • চতুৰ্থ পৰ্যায়ত উইনচ টাস্ক ফ’ৰ্চ (WINS TASK FORCE)ৰ দ্বাৰা ৮২ নম্বৰতকৈ অধিক পোৱা বিদ্যালয়ৰ ভিতৰত ৩০খন বিদ্যালয় চয়ন আৰু অন্তিম পৰ্যায়ত এই ৩০খন বিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ ১০খন বিদ্যালয় নিৰ্বাচিত কৰা হয়। ইয়াৰোপৰি আন ৬খন বিদ্যালয়ক উদগণিমূলক বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।

স্বচ্ছ বিদ্যালয় পুৰস্কাৰ

ৰাজ্যখনৰ ১৬খন বিদ্যালয়ক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান কৰা হয়। ১০খন বিদ্যালয়ক ২০,০০০ টকা নগদ ধন, স্মৰণিকা আৰু স্বচ্ছ বিদ্যালয়ৰ চাৰ্টিফিকেট প্ৰদান কৰা হয় আৰু বাকী ৬খন বিদ্যালয়ক স্মৰণিকা আৰু চাৰ্টিফিকেট অব এপ্ৰিচিয়েছন প্ৰদান কৰা হয়।

  

স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয় সন্দৰ্ভত সামৰ্থ্য বৃদ্ধি অভিযান

  • সৰ্বশিক্ষা অভিযান আৰু ইউনিচেফে যুটীয়াভাৱে নিৰ্মল ভাৰত (বৰ্তমান স্বচ্ছ ভাৰত) সন্দৰ্ভত উত্তৰ-পূব আঞ্চলিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আৰু লগতে প্ৰতিনিধি/অংশগ্ৰহণকাৰীসকলৰ বাবে শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰে যত তেওঁলোকক ডি.এইছ.এ.এ.এল প্ৰকল্পৰ সৈতে পৰিচিত কৰোৱা হয়।
  • ৰাজ্যিক ভিত্তিত স্বচ্ছ বিদ্যালয়ৰ পুৰস্কাৰৰ বাবে ইউনিচেফৰ সহযোগত ৰাজ্যিক স্তৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা মিছন সমন্বয়ক, জিলা আঁচনি প্ৰৱন্ধক/বিষয়া, জিলা প্ৰকল্প অভিযন্তা আৰু খণ্ড মিছন সমন্বয়কসকলে অংশগ্ৰহণ কৰে।
  • বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ হাতপুথিতো স্বচ্ছ বিদ্যালয় বিষয় হিচাপে সংযোজিত কৰা হয়। এই সমিতিৰ সদস্যসকলক স্বচ্ছ বিদ্যালয়ৰ ভিন্ন উপাদান সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

 

Lets’ play in group Hand-wash with Soap before taking our food.