মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

অসুস্থ মুক্ত জীৱনৰ বাবে প্ৰতিদিনে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা

অসুস্থ মুক্ত জীৱনৰ বাবে প্ৰতিদিনে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা

অসমৰ সৰ্বশিক্ষা অভিযান, পৰিৱেশ শিক্ষা কেন্দ্ৰ আৰু ইউনিচেফৰ সহযোগত গঢ়ি তোলা এটি প্ৰচেষ্টাৰ নাম হৈছে ডি.এইছ.এ.এ.এল (DHAAL)।

উদ্দেশ্য: বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ন্যূনতম খৰচত প্ৰতি দিনে হাত ধোৱাৰ বাবে কেতবোৰ হেণ্ড ৱাছিং ষ্টেচন (GHS) গঢ়ি তোলা।

  

ডি.এইছ.এ.এ.এলৰ সৈতে জড়িত হৈ আছে :

১. শিক্ষাৰ অধিকাৰ আইন,২০০৯

২. বহনক্ষম উন্নয়ন লক্ষ্য, তৃতীয়, চতুৰ্থ আৰু ষষ্ঠ

৩. মধ্যাহ্ন ভোজন আঁচনি

৪. এছ.বি.এছ.ভি (SBSV))

হিতাধিকাৰ:

১. শিক্ষক, ছাত্ৰ-ছাত্ৰী, মাতৃসকল আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল।

২. এই প্ৰচেষ্টাৰ জৰিয়তে ২৬৮০০খন বিদ্যালয় সামৰি লোৱা হৈছে।

৩. উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ৰাজ্যিক শিকণ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে সামৰ্থ্য বৃদ্ধি কৰা।

৪. ইতিমধ্যে বিহাৰ, ৰাজস্থান, গুজৰাট, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ চৰকাৰে জি.এইচ.এচক নিজ নিজ ৰাজ্যৰ বিদ্যালয়সমূহৰ বাবে ব্যৱহাৰ কৰিছে।

সাফল্যসমূহ :

১. এই ডি.এইছ.এ.এ.এল প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ লাভ কৰিবলৈ হোৱা প্ৰথম ৰাজ্য হিচাপে পৰিলক্ষিত হয়।

২. এই প্ৰচেষ্টাক দক্ষিণ-পূৱ এছিয়াৰ স্বাস্থ্য খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত আঠটা প্ৰকল্পৰ ভিতৰত এটি হিচাপে চিনাক্ত কৰি মন্থন বঁটাৰ দ্বাৰা সন্মানিত কৰা হয়।

৩. ভাৰত চৰকাৰে বহিঃপৰিক্ৰমা মন্ত্ৰালয় ডি.এইছ.এ.এ.এলক সামাজিক অভিনৱত্ব ক্ষেত্ৰত এটি উল্লেখযোগ্য প্ৰচেষ্টা হিচাপে ঘোষণা কৰে।

৪. স্বচ্ছ ভাৰত বিদ্যালয় হাতপুথিত ডি.এইছ.এ.এ.এলৰ ডি.এইচ.এচ. আৰ্হিক দেশজুৰি প্ৰযোজ্য কৰাৰ পৰামৰ্শ আগবঢ়োৱা আছে।

ফলাফলঃ এই প্ৰচেষ্টাৰ ফলত প্ৰাথমিক বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ পূৰ্বে হাতধোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ ৯০ শতাংশ সময় ৰাহি হোৱাৰ উপৰিও পানীৰ অপচয় বহু পৰিমাণে ৰোধ কৰিব পৰা গৈছে। এই প্ৰকল্পৰ ফলত বিদ্যালয়সমূহত হাত ধোৱাৰ সময়ত চাবোনৰ ব্যৱহাৰ ৯০ শতাংশলৈ বৃদ্ধি পাইছে।

ডি.এইছ.এ.এ.এলৰ কাৰ্যকৰী আৰ্হি:

এই আৰ্হিৰ কাৰ্যকৰীকৰণৰ চাৰিটা পৰ্যায়ত সম্ভৱ:

  • পোনতে এই প্ৰকল্পৰ আধাৰত নিৰ্বাচিত বিদ্যালয়সমূহত পাইলট হিচাপে হাতধোৱাৰ প্ৰদৰ্শন কৰা
  • ইয়াৰ সৈতে জড়িত হবলগীয়া ব্যক্তিসকলক ৰাজ্যজুৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  • ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বিষয়ে সজাগতা আৰু শিক্ষা বিস্তাৰৰ ব্যৱস্থা কৰা।
  • ওপৰত উল্লিখিত ব্যৱস্থাসমূহৰ পদক্ষেপসমূহৰ ফলাফল, অনুসৰি পিছৰ পৰ্যায়ত আঁচনি প্ৰস্তুত কৰা আৰু কাৰ্যকৰী কৰা।

প্ৰতিলিপি

  • ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ২৬,৮০০খন বিদ্যালয় সামৰি এই প্ৰকল্প প্ৰস্তুত কৰিছে।
  • আনহাতে, ইয়াৰ সফলতা দেখি দেশৰ আন আন ৰাজ্য যেনে- কৰ্ণাটক, বিহাৰ, গুজৰাট, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ চৰকাৰেও ইয়াক নিজ নিজ বিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰিছে।