মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

শিক্ষাৰ অধিকাৰ

২০০২ চনত গৃহীত হোৱা (৮৬ সংখ্যক সংশোধনী) আইনৰ আধাৰত ভাৰতীয় সংবিধানত সংযোজিত ২১-ক দফাৰ আধাৰত দেশৰ ৬ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিজন শিশুৱেই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুযোগ মৌলিক অধিকাৰৰ ৰূপত লাভ কৰিছে। ৰাজ্য চৰকাৰসমূহে প্ৰণয়ন কৰা আইনৰ আধাৰত এই সুযোগ সংশ্লিষ্ট সকলে লাভ কৰিব। সংবিধানৰ ২১(ক) ধাৰাক সাৰোগত কৰি যুগুতোৱা শিশুৰ বিনামূলীয়া তথা বাধ্যতামূলক শিক্ষা লাভৰ অধিকাৰ আইন, ২০০৯ৰ আধাৰত প্ৰতিটি শিশুৱে বিশেষ কেতবোৰ অপৰিহাৰ্য অৰ্হতা তথা নিৰ্ধাৰিত মান বহন কৰা আনুষ্ঠানিক বিদ্যালয়ত আসস্ত চিত্তে প্ৰাথমিক শিক্ষাৰ পূৰ্ণ পাঠ্যক্ৰম গ্ৰহণৰ অধিকাৰ লাভ কৰিছে।

২০১০ চনৰ ১ এপ্ৰিলৰ পৰা সংবিধানৰ ২১-ক ধাৰা তথা শিক্ষাৰ অধিকাৰ আইন বলবত্ কৰা হৈছে। এই আইনখনে বিনামূলীয়া আৰু বাধ্যতামূলক শব্দ দুটা বিশেষভাৱে সংযোজিত কৰিছে। বিনামূলীয়া শিক্ষাৰ অৰ্থ হল মাক-দেউতাকে স্বেচ্ছাই চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ ব্যতিৰেকে আন কোনো বিদ্যালয়ত নাম ভৰ্তি কৰোৱা শিশুৰ বাহিৰে আন সকলো শিশুৰে মাচুল অথবা প্ৰাথমিক শিক্ষা সাং কৰিবলৈ যাওতে বাধা হিচাপে দেখা দিব পৰা সকলো ধৰণৰ ব্যয় বহনৰ দায়িত্ব চৰকাৰৰ ওপৰত ন্যস্ত থাকিব। সেইদৰে বাধ্যতামূলক শিক্ষাই সংশ্লিষ্ট অঞ্চলৰ ৬ৰ পৰা ১৪ বছৰ বয়স সীমাৰ ভিতৰৰ প্ৰতিগৰাকী শিশুকে বিদ্যালয়ত নাম ভৰ্তিৰ নিশ্চিত সুযোগ প্ৰদানৰ লগতে প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণৰ সময়ত লগতে প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণৰ সময়ত বিদ্যালয়ৰ উপস্থিতি তথা পাঠ্যক্ৰম সাং কৰাৰ ক্ষেত্ৰত তদাৰকীৰ দায়িত্ব চৰকাৰৰ তথা স্থানীয় প্ৰশাসনৰ ওপৰত অৰ্পণ কৰিছে। ইয়াৰ জৰিয়তে ভাৰতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক আইনগতভাৱে মৌলিক অধিকাৰৰ ক্ষেত্ৰত দায়বদ্ধ কৰি এক অধিকাৰ ভিত্তিক বিধি-ব্যৱস্থাৰ দিশে আগুৱাৰ পদক্ষেপ গ্ৰহণ কৰিলে।

শিক্ষাৰ অধিকাৰ আইন আৰু অসম

আইন প্ৰৱৰ্তনৰ বাবে প্ৰণিত বিধিলৈ ৰাজ্যিক চৰকাৰৰ কেবিনেট সভাই অনুমোদন জনোৱাৰ পিছত ২০১১ চনৰ ৭ জুলাইৰ পৰা অসমত শিক্ষাৰ অধিকাৰ আইন বলবত্ হয়। ইয়াৰ জৰিয়তে অসমে শিক্ষাৰ অধিকাৰ আইন,২০০৯ৰ ১৯ সংখ্যক প্ৰৱৰ্তনকাৰী ৰাজ্য হিচাপে পৰিচিতি লাভ কৰিলে। ২০১১ চনৰ জুলাই মাহত গৃহীত শিক্ষাৰ অধিকাৰ সম্পৰ্কীয় ৰাজ্যিক বিধিয়ে আইনখনৰ অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ লগতে ৰাজ্যকেন্দ্ৰিক বিশেষ অৰ্হতাসমূহৰো বিশদ বিৱৰণ সন্নিৱিষ্ট কৰিছে।

ৰূপায়ণকাৰী সংস্থা

ৰাজ্যত আইনখনৰ বলবত্কাৰী সংস্থা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে প্ৰাথমিক শিক্ষা বিভাগ, ৰাজ্যিক শিক্ষা, গৱেষণা তথা প্ৰশিক্ষণ পৰিষদ আৰু অসম সৰ্ব শিক্ষা মিছন অভিযানে। এই সম্পৰ্কীয় বিশদ বিৱৰণ তলত উল্লেখ কৰা হল