মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Axom

শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা

  • শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা (টেট)

    • শিক্ষাৰ অধিকাৰ আইনৰ লক্ষ্য পূৰণ কৰিবলৈ অসম চৰকাৰ আৰু প্ৰাথমিক শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদ (এন.চি.টি.ই)ৰ পৰামৰ্শৰ আধাৰত মেধা আৰুউপযুক্তভাৱে শিক্ষিত শিক্ষকক নিয়োজিত কৰিবলৈ শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা চমুকৈ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
    • ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ অধীনত বিদ্যায়তনিক প্ৰাধিকৰণ হিচাপে এন.চি.টি.ই.য়ে এক অধিসূচনা এফ নং ৬১-০৩/২০/২০১০/এন.চি.টি.ই.(এন এণ্ড এছ) দিনাংক ২৩-০৮-২০১০, সংসোধিত এফ নং ৬১-১/২০১১/এন.চি.টি.ই (এন এণ্ড এছ) দিনাংক ২৯ জুলাই,২০১১ যোগে এজন ব্যক্তি, বিদ্যায়তনিক পেছাৰাদী শিক্ষক হবলৈ এন.চি.টি.ইয়ে যুগুতোৱা নিৰ্ণায়ক ব্যৱস্থা সাৰোগত কৰি কোনো চৰকাৰে অনুষ্ঠিত কৰা শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা (টেট)ত উত্তীৰ্ণ হব লাগিব।
    • শিশুৰ বিনামূলীয়া তথা বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন,২০০৯ৰ অধীনত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদ, এন.চি.টি.ইয়ে জাৰি কৰা ৭৬-৪/২০১০/এন.চি.টি.ই/একা/দিনাংক ১১-০২-২০১১যোগে টেট সংক্ৰান্তীয় বিধি নিৰ্দেশনা জাৰি কৰিছিল।
    • যথাযোগ্য মেধাৱী ব্যক্তিক নিয়োজিত কৰি শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্য আগত ৰাখি অসমত টেট অনুষ্ঠিত কৰাৰ লগতে টেটৰ পৰিচালনা সম্পৰ্কীয় কাম-কাজৰ তদাৰকী কৰাৰ উদ্দেশ্যে এখন ক্ষমতাসম্পন্ন সমিতিও গঠন কৰা হয়।
    • শিক্ষাখণ্ডৰ প্ৰতি থকা সাধাৰণ ধাৰণাৰ পৰিৱৰ্তন সাধন কৰি এক মানসম্পন্ন শিক্ষাব্যৱস্থাৰ প্ৰসাৰ সাধন কৰাৰ লক্ষ্য লৈ অসম চৰকাৰে এই পৰ্যন্ত অনুষ্ঠিত কৰা ৬টা টেট পৰীক্ষাৰ জৰিয়তে ৮৮৫৭১গৰাকী যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰি উলিয়াইছে। ২০১৪ চনৰ ১৯ অক্টোবৰত শিক্ষা মিত্ৰ আৰু অতিৰিক্ত শিক্ষা মিত্ৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।
    • তলত পৰ্যায়ক্ৰমে অনুষ্ঠিত টেটৰ খতিয়ান দাঙি ধৰা হল-
    ক্ৰমিক নংপৰ্য্যায়ক্ৰমে টেটনিম্ন প্ৰাথমিকউচ্চ প্ৰাথমিক(এছ.এছ.)উচ্চ প্ৰাথমিক(এম. ও এছ.)মুঠ
    ১১ম টেট- ২০১২ (১০.০১.২০১২)৩২২১৬১৬১৩৮৪৩৭২৫২৭২৫
    ২ষষ্ঠ অনুসূচী টেট (১৯.১২.২০১২)৫৯৩৯২৬৪৫৩৩৩৮৯১৭
    ৩এছ.এম/এ.এছ.এম. টেট (২৩.০৩.২০১৩)৩৮৩৫১৩৪৯২৫৫২০৯
    ৪মাধ্যম টেট- ২০১৪ (০১.০২.২০১৪)১২৩৩৫০০১২৩৩৫
    ৫অনুসূচীত জাতি/অনুসূচীত জাতিজাতি(০২.০৭.২০১৪)৯৩৮৪০০৯৩৮৪
    ৬এছ.এম/এ.এছ.এম. ৰ অন্তিম পৰ্য্যায় টেট (১৯.১০.২০১৪)১৪৭২০০১৪৭২
    মুঠ৬৫১৮১২০১৩২৪৭৩০৯০০৪৩
    Downloads
    শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা
    TitleSizeDetail
    NCTE guidelines FOR TET.pdf202.28 KBswf-image