মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

পৰিকল্পনা আৰু নিৰীক্ষণ

পৰিকল্পনা

নিৰ্দ্ধাৰিত পথেৰে নিৰ্দিষ্ট লক্ষ্য উপনীত হোৱাৰ ক্ষেত্ৰত যিকোনো প্ৰতিষ্ঠান কিম্বা সংস্থাৰ পৰিকল্পনা বিভাগে এক অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৌশলপূৰ্ণভাৱে কোনো এক খণ্ডৰ মানসম্পন্ন আৰু লক্ষ্যণীয় উত্তৰণৰ বুনিয়াদ ৰচনা কৰাটোৱেই এই পৰিকল্পনাৰ গুৰুত্ব নিহিত হৈ থাকে। শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত সৰ্বশিক্ষা অভিযানে নিৰ্দ্ধাৰণ কৰা প্ৰত্যাশিত লক্ষ্য পূৰণ কৰিবলৈকে নামভৰ্তি, সমতা, নিয়মীয়া পৰিস্থিতি তথা মান ৰক্ষাৰ বাবে দায়িত্ববাহী প্ৰশাখাসমূহৰ মাজত সুসমন্বয় স্থাপন কৰি প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ পৰিবেশ ৰচনা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰকাশিত লক্ষ্যত উপনীত হব পৰাকৈ সংস্কাৰিত পৰিকল্পনা যুগুতোৱাটোৱেই হৈছে এই প্ৰক্ৰিয়াৰ মেৰুদণ্ড স্বৰূপ। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ চূড়ান্ত লক্ষ্যত উপনীত হবলৈকে বাস্তৱসন্মত পৰিকল্পনা সম্ভৱ কৰাৰ ক্ষেত্ৰত নীতিগত পৰিকল্পনাৰ বাবে দূৰদৃষ্টি সম্পন্ন, প্ৰতিফলনসম্ভূত তথ্যৰ যোগান, কাৰ্যাৱলীৰ আৰ্হিৰ প্ৰস্তুতি, প্ৰয়োজন সাপেক্ষে প্ৰশিক্ষণ, প্ৰয়োজন সাপেক্ষে অগ্ৰগাম্য পৰিকল্পনা উপস্থিতি গুৰুত্বপূৰ্ণ। সৰ্বশিক্ষা অভিযানৰ বাৰ্ষিক কৰ্ম পৰিকল্পনা আৰু প্ৰাককলন যুগুতোৱাৰ লগতে ৰূপায়ণৰ বাবে মংগলদায়ক পৰিকল্পনাৰ আশ্ৰয় গ্ৰহণ কৰা হয়। এই পৰিকল্পনা ৰাষ্ট্ৰীয় পাঠ্যক্ৰম শৈলী আৰু ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ নিৰ্দেশনাৱলীৰ আধাৰত যুগুতোৱা হয়। প্ৰত্যেক জিলা আৰু ৰাজ্যিক পৰ্যায়ত যুগুতোৱা কৰ্মপৰিকল্পনা আৰু প্ৰাককলনে সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্যত উপনীত হোৱাৰ স্বপ্নকে বাস্তৱায়িত কৰাৰ ভূমিকা গ্ৰহণ কৰে।

পৰিকল্পনা প্ৰক্ৰিয়া:

(ক) পৰিকল্পনা গোট ভিত্তিক

 

(খ) সৰ্বশিক্ষা অভিযানৰ অধীনত বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ চিত্ৰায়িত দৰ্শন

 

পৰিকল্পিত কাৰ্যৰ পৰ্যায় ভিত্তিক প্ৰকৃত বাস্তৱায়ন:

  • প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহত ডাইছৰ সংগ্ৰহেৰে পৰিকল্পনা প্ৰক্ৰিয়া সূচনা ঘটে।
  • মানৱ সম্পদ উন্নয়ন দপ্তৰে জাৰি কৰা নিৰ্দেশনাৱলীৰ আধাৰত মিছন সঞ্চালকৰ সভাপতিত্বত পৰিকল্পনা আৰু প্ৰাককলন যগুতোৱাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ আভ্যন্তৰীণ সভা অনুষ্ঠিত কৰা হয়।
  • ৰাজ্যিক মিছন কাৰ্যালয়ত জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিষয়াবৰ্গৰ এক কৰ্মশালাত মিলিত হয় আৰু এই কৰ্মশালাতে মানৱ সম্পদ উন্নয়ন দপ্তৰ আৰু পৰিকল্পনা আৰু প্ৰাককলন সম্পৰ্কীয় প্ৰভাগৰ নিৰ্দেশাৱলীৰ বিশেষ বিশ্লেষণ কৰা হয়।
  • জিলা মিছন সহ-সমন্বয়কৰ অধ্যক্ষতাত অনুষ্ঠিত এক সভাত জিলা পৰ্যায়ৰ বিষয়াবৰ্গ জিলাৰ অন্যান্য বিষয়া তথা খণ্ড পৰ্যায়ৰ বৰ্গলৈ তথ্যৰ সৰবৰাহ কৰে। এই সভাত খণ্ড মিছন কাৰ্যালয়, ডায়েট আৰু নৰ্মাল বিদ্যালয় আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰসমূহকো জড়িত কৰা হয়।
  • সেইদৰে খণ্ড মিছন সহ-সমন্বয়কৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত খণ্ড পৰ্যায়ৰ কৰ্মচাৰী, সমল শিক্ষক, চি.আৰ.চি.চি. তথা অন্যান্য জিলা প্ৰতিনিধিসকললৈ তথ্য সৰবৰাহ কৰে।
  • একেদৰে ক্লাষ্টাৰ পৰ্যায়ত বিদ্যালয় পৰিচালনা সমিতি (এচ.এম.চি.)/মাতৃ গোটৰ সৈতে চি.আৰ.চি.চি., খণ্ড আৰু জিলা পৰ্যায়ৰ প্ৰতিনিধি, খণ্ড পৰ্যায়ত থকা ডায়েটৰ দায়িত্ববাহীৰ মাজত তথ্যৰ সৰবৰাহ কৰা হয়।
  • বিদ্যালয় পৰিচালনা সমিতিসমূহে শিক্ষকসকলৰ সহযোগত বিদ্যালয়ত বিকাশ পৰিকল্পনা যুগুতাই খণ্ড পৰ্যায়ত বিবেচনাৰ বাবে প্ৰেৰণ কৰে।

পৰিকল্পনাৰ বিস্তৃত খতিয়ান

ৰাজ্যত শিক্ষাৰ অধিকাৰ আইন বলবত্কৰণৰ পৰৱৰ্ত্তী কালত প্ৰাথমিক শিক্ষাৰ সামগ্ৰিক দৃশ্যপটৰ পৰিৱৰ্তন ঘটিল। শিক্ষকৰ প্ৰশিক্ষণ আৰু পৰৱৰ্তী কালত শৈক্ষিক দৃশ্যপটত ইয়াৰ প্ৰভাৱৰ দৰে প্ৰসঙ্গ আইনখনে প্ৰদান নিশ্চয়তাৰে ফল। সৰ্বশিক্ষা অভিযানৰ বুনিয়াদী আদৰ্শৰ বাস্তৱায়নত গুৰুত্ব প্ৰদান কৰিয়েই জিলা আৰু নিম্ন পৰ্যায়ৰ দায়িত্ববাহীসকলে প্ৰতি বছৰে বাৰ্ষিক কৰ্মপৰিকল্পনা আৰু প্ৰাককলন যুগুত কৰে। সৰ্বশিক্ষা অভিযানৰ কৰ্মসূচী আৰ্হি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান তথা লক্ষ্য নিৰ্দিষ্ট কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা বিভাগসমূহৰ সহযোগিতা গ্ৰহণ কৰা হয়।

প্ৰাককলন প্ৰক্ৰিয়া:

সৰ্বশক্ষাৰ পৰিকল্পনা হল আগন্তুক বিত্তীয় বৰ্ষত ৰূপায়িত হব লগা কাম-কাজৰ সম্ভাৱ্য বাৰ্ষিক পূৰ্বানুমানিক পৰিকল্পনা অভিযানৰ আদৰ্শ ৰূপায়িত কৰিবলৈ শিশুৰ বিদ্যালয় প্ৰৱেশ, শিক্ষাৰ সম অধিকাৰ, সম মানসম্পন্ন, শিক্ষাৰ সুযোগ দানৰ বাবে দায়িত্ববাহী সকলো প্ৰভাগৰ কাম-কাজৰ বাবে হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ বাৰ্ষিক কৰ্ম পৰিকল্পনা আৰু প্ৰাককলনৰ ৰূপত এই প্ৰাককলন যুগুতোৱা হয়। এই প্ৰাককলনত চলিত বিত্তীয় বৰ্ষত ৰূপায়িত হবলগীয়া প্ৰকল্পসমূহৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় প্ৰস্তাৱসমূহ সন্নিৱিষ্ট কৰাৰ লগতে পূৰ্বৱৰ্ত্তী বৰ্ষৰ কৰ্মকাণ্ডৰ অগ্ৰগতিৰ খতিয়ানো দাঙি ধৰা হয়।.

নিৰীক্ষণ

সকলো কাম-কাজ সূচাৰু ৰূপে সম্পন্ন হোৱা কথাটো নিশ্চিত কৰিবলৈকে সৰ্বশিক্ষা অভিযানে সকলো ক্লাষ্টাৰ, খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্যায়ক সামৰি এক শক্তিশালী নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিছে। এই ব্যৱস্থাৰ বিভিন্ন অধ্যায়সমূহ হল:

১। বিদ্যালয়ৰ সম্পূৰ্ণ বিকাশ পৰিকল্পনা আৰু শৈক্ষিক আৰু প্ৰশাসনীয় দিশসমূহৰ নিৰীক্ষণৰ দায়িত্ব সম্পন্ন হয় বিদ্যালয় পৰিচালনা সমিতি পৰ্যায়ত।
২। বিদ্যালয়সমূহৰ শৈক্ষিক, আন্তঃগাঁথনি আৰু প্ৰশাসনিক কাম-কাজৰ পৰিদৰ্শন, তত্বাৱধানৰ দায়িত্ব সম্পন্ন হয় খণ্ড আৰু ক্লাষ্টাৰ পৰ্যায়ত।
৩। সেইদৰে খণ্ড আৰু ক্লাষ্টাৰ পৰ্যায়ৰ কাম-কাজৰ তদাৰকী দায়িত্ব জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰ হাতত ন্যস্ত থাকে।

ৰাজ্যিক পৰ্যায়ৰ তদাৰকী ব্যৱস্থা

১। ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ অথবা শিক্ষাৰ অধিকাৰ সুৰক্ষা প্ৰাধিকৰণ।
২। সৰ্বশিক্ষা অভিয়ানৰ কাৰ্যবাহী সমিতিৰ সময়ে সময়ে অনুষ্ঠিত বৈঠক।
৩। আভ্যন্তৰীণ, ন্যায়িক আৰু উমৈহতীয়া গণনা।
৪। ৰাজ্যিক তদাৰকী প্ৰতিষ্ঠানৰ দ্বাৰা নিৰীক্ষণ।
৫। সৰ্বশিক্ষা অভিযানৰ বিভিন্ন দিশৰ মূল্যায়নৰ বাবে চলোৱা গৱেষণামূলক কৰ্মসূচী।

ৰাষ্ট্ৰীয় পৰ্যায় নিৰীক্ষণ ব্যৱস্থা

১। সৰ্বশিক্ষা অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ কাম-কাজ, অগ্ৰগতি, সাফল্য আদিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ২০১৭ চনৰ ১৮ জানুৱাৰীৰ তাৰিখে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে মুকলি কৰা সগুণ শীৰ্ষক ৱেব পোৰ্টেলটোৰ ব্যৱস্থা এক প্ৰশংসনীয় উদ্যোগ হিচাপেই চিহ্নিত হৈছে।
২। ৩ মাহ আৰু ছমাহৰ মূৰে মূৰে অনুষ্ঠিত পৰ্যালোচনামূলক সভা আৰু ৰাজ্যিক শিক্ষা সচিব তথা ৰাজ্যিক প্ৰকল্প বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত আঞ্চলিক কৰ্মশালাসমূহ।
৩। যুটীয়া পৰ্যালোচনা অভিযান (জে.আৰ.এম.) ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ বহিঃবিত্তীয় সংস্থাৰ যুটীয়া পৰ্যালোচনা।

গৱেষণা মূল্যায়ন নিৰীক্ষণ আৰু তত্বাৱধনা (আৰ.ই.এম.এছ.): গৱেষণা, মূল্যায়ন, নিৰীক্ষণ আৰু তত্বাৱধানো সৰ্বশিক্ষা অভিযানৰ অন্যতম কাৰ্য-প্ৰসঙ্গ। ইয়াৰ জৰিয়তে অভিযানৰ বিভিন্ন পৰ্যায়ত সম্পন্ন কৰা কৰ্মসূচী, পদক্ষেপসমূহৰ পাৰদৰ্শিতা, প্ৰভাৱ কিম্বা দুৰ্বলতাসমূহ চিনাক্ত কৰি উলিয়াবলৈ প্ৰয়াস কৰা হয়। প্ৰয়োজনীয় সমীক্ষা আৰু অধ্যয়নৰ সহায়ত এই কাৰ্য সম্পাদিত কৰা হয়। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আদিৰ সহযোগত এই সমীক্ষা অধ্যয়নসমূহ সম্পন্ন কৰা হয়। ৰাজ্যিক পৰ্যায়ত আহৰণ কৰা সাফল্যসমূহৰো সমীক্ষাৰ দিহা কৰা হয়। ইফালে, যোৱাটো বছৰৰ পৰা শিক্ষা সমৃদ্ধি (শালা সিদ্ধি) শীৰ্ষক এক বিদ্যালয় মূল্যায়ন কাৰ্যক্ৰম ৰূপায়ণৰো ব্যৱস্থা কৰা হৈছে।