মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

শৈক্ষিক পৰিসংখ্যা

প্ৰৱন্ধন তথ্য পদ্ধতি

কোনো এক সংস্থাৰ সুগম কৰ্মপৰিচালনাৰ বাবে প্ৰয়োজনীয় বিভিন্ন তথ্যৰ সংৰক্ষণৰ মূল ভিত্তিটেৱেই হৈছে প্ৰৱন্ধন তথ্য পদ্ধতি (এম.আই.এছ.)। সৰ্বশিক্ষা অভিযানে ৰাজ্যিক, জিলা আৰু খণ্ড পৰ্যায়ত ইতিমধ্যে প্ৰয়োজনীয় মানৱ সম্পদ সহ এনে এম.আই.জি. স্থাপন কৰিছে। ইফালে প্ৰাথমিক শিক্ষা, অসম সম্পৰ্কীয় তথ্যৰ লগতে সকলো আভ্যন্তৰীণ ৱেব পোৰ্টেল উন্মোচন কৰিব পৰাকৈ অভিযানৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ক এক প্ৰধান তথ্য কেন্দ্ৰও ইতিমধ্যে স্থাপন কৰা হৈছে।

কেতবোৰ গুৰুত্বপূৰ্ণ কৰ্ম-কাণ্ড

১। বছেৰেকীয়া ভিত্তিত অসমৰ সকলো বিদ্যালয়ৰে তথ্যপাতি সংগ্ৰহ কৰা হয় আৰু ইউ.ডাইছ ছফ্টৱেৰৰ জৰিয়তে এই তথ্যাৱলী কম্পিউটাৰত সংৰক্ষণৰ দিহা কৰা হয়। ইউ.ডাইছত উপলব্ধ তথ্যাৱলীৰে ৰাজ্যিক পৰ্যায়ত বহু সংখ্যক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শৈক্ষিক পৰিচালনা, বাৰ্ষিক কৰ্মপৰিকল্পনা তথা প্ৰাককলন, বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ আদিৰ পৰিকল্পনা যুগুতোৱাৰ ক্ষেত্ৰত এই ইউ.ডাইছৰ তথ্য ভাণ্ডাৰকে পৰম তথ্য হিচাপে গণ্য কৰা হয়।
২। এইছ.আৰ.এম.আই.এছ. ৱেব পোৰ্টেলৰ জৰিয়তে নিয়মীয়াকৈ সকলো চৰকাৰী/প্ৰাদেশিকীকৃত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ তথ্য সংগ্ৰহ কৰা হয়।
৩। সকলো প্ৰাথমিক বিদ্যালয়ৰে জি.পি.এছ. পইণ্টছৰ তথ্য সংগ্ৰহ কৰা হয়। এই জি.পি.এছ. পইণ্টছৰ আধাৰত আভ্যন্তৰীণ ষফ্টৱেৰৰ জৰিয়তে নিম্ন প্ৰাথমিকৰ সৈতে নিম্ন প্ৰাথমিক কিম্বা নিম্ন আৰু উচ্চ প্ৰাথমিকৰ সংলগ্নীকৰণ তালিকা প্ৰস্তুত কৰা হয়।
৪। সকলো চৰকাৰী/প্ৰাদেশিকীকৃত বিদ্যালয়ৰ সময়ে সময়ে নিৰীক্ষণ কৰিব পৰাকৈ এক আভ্যন্তৰীণ পোৰ্টেল যুগুতাই ুলিওৱা হৈছে। এই পোৰ্টেলে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব প্ৰদান কৰি আহিছে।
৫। আন্তঃগাঁঠনি নিৰ্মাণ, তদাৰকীকৰণ, শিক্ষক, ইউনিফৰ্ম আদিৰ বাবে পুঁজি আবণ্টনৰ তথ্য আভ্যন্তৰীণ ৱেব পোৰ্টেলৰ জৰিয়তে সংগ্ৰহ কৰা হয় আৰু সৰ্বশিক্ষা অভিযানৰ তথ্য ভাণ্ডাৰত এই সংৰক্ষণৰ দিহা কৰা হয়।
৬। সেইদৰে সকলোবোৰ কম্পিউটাৰ সঞ্চালিত শিক্ষা বিদ্যালয়, খণ্ড অভিযান সমন্বয়কৰ কাৰ্যালয়, জিলা অভিপত্ৰ সমন্বয়ক কাৰ্যালয়, আৰু অভিযানৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ যন্ত্ৰপাতিৰ স্থিতি নিৰীক্ষণৰ উদ্দশ্যে এটা আভ্যন্তৰীণ ৱেব পোৰ্টেল যুগুতাই উলিওৱা হৈছে।
৭। প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়সমূহৰ বিদ্যায়তনিক অগ্ৰগতিৰ খতিয়ান নিৰীক্ষণ কৰিব পৰাকৈ চি.চি.আৰ.চি একাডেমীক মণিটৰিং (কেম) শীৰ্ষক এটি অনলাইন ৱেব পোৰ্টেল যুগুতাই উলিওৱা হৈছে। এই পোৰ্টেলে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তথ্য বিদ্যায়তনিক দিনপঞ্জীৰ পৰিচালনা, ব্যক্তিগতভাৱে শিক্ষকে গ্ৰহণ কৰা প্ৰশিক্ষণ আদিৰ তথ্য পৰ্যালোচনা কৰে।
৮। সৰ্বশিক্ষা, অসমে সা-সামগ্ৰীৰ আদান-প্ৰদানৰ সবিশেষ তথ্যৰ হিচাপ ৰখাৰ বাবে এক সামগ্ৰী বাণ্ডাৰ প্ৰৱন্ধন পদ্ধতিও ৰূপায়িত কৰিছে।
৯। সৰ্বশিক্ষা অসমৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত অন্যতম হৈছে প্ৰাথমিক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়াকৈ পাঠ্যপুথিৰ যোগান ধৰাটো। এই বিশেষ কামটো যাতে নিয়াৰিকৈ সম্পন্ন কৰিব পৰা যায়, সেৱা তদাৰকী কৰিব পৰাকৈও এটি অনলাইন পোৰ্টেল বিকশিত কৰি ইয়াৰ ৰূপায়ণৰ দিহা কৰিছে সৰ্বশিক্ষা অভিযান, অসমে।
১০। সেইদৰে ৰাজ্যখনৰ সকলো জিলাৰ বিদ্যালয়ৰ বাহিৰত ৰৈ যোৱা শিশুসকলক বিচাৰি উলিয়াই পৰৱৰ্ত্তী পৰ্যায়ত তেওঁলোকক প্ৰাথমিক শিক্ষা প্ৰদান কৰিব পৰাকৈ লবলগীয়া যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈও আন এটি পোৰ্টেল বিকশিত কৰি নিয়মীয়াভাৱে ইয়াৰ কাম-কাজ অব্যাহত ৰাখিছে।

প্ৰাথমিক বিদ্যালয়ত কম্পিউটাৰ সঞ্চালিক শিক্ষণ (কম্পিউটাৰ এডেড লাৰ্ণিং -কেল)

অসমত ২০০৩-০৪ বৰ্ষৰ পৰা কেলৰ কাম-কাজ আৰম্ভ হয়। দৰাচলতে কেলৰ কাম-কাজৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য হিচাপেই চিহ্নিত হৈ আহিছে। সম্প্ৰতি ৰাজ্যখনৰ ৩,২৬৭খন প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যক্ৰম চলি আছে। প্ৰতিখন কেল বিদ্যালয়ৰ দুজনকৈ শিক্ষক – এজন বিজ্ঞান আৰু আনজন ইংৰাজী বিষয়ৰ শিক্ষকক ইয়াৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ক্ৰমিক নংচৰণবিদ্যালয়ৰ সংখ্যাবছৰ
১ ম চৰণ৫০০২০০৩-০৪
২ য় চৰণ৫৭৫২০০৮-২০০৯
২ য় চৰণ২৬(কস্তুৰিবা গান্ধী বালিকা বিদ্যালয়)২০০৮-০৯
২ য় চৰণ৪৩(আৰ.বি.চি.চি.)২০০৮-০৯
১ ম চৰণ১০০(কে- য়ান)২০০৮-০৯
৩ য় চৰণ২২(আৰ.বি.চি.চি.)২০০৯-১০
২ য় চৰণ১২৯(কে- য়ান)২০০৯-১০
৩ য় চৰণ৮৭৪ খন বিদ্যালয়২০১০-১১
৩ য় চৰণ১১(কস্তুৰিবা গান্ধী বালিকা বিদ্যালয়)২০১০-১১
১০৩ য় চৰণ৫(আৰ.বি.চি.চি.)২০১০-১১
১১৪ ৰ্থ চৰণ৩২০ খন বিদ্যালয়২০১১-১২
১২৫ ম চৰণ২০০ খন বিদ্যালয়২০১২-১৩
১৩১ ম চৰণ১৫ খন বিদ্যালয়(সৌৰ শক্তি চালিত কম্পিউটাৰ লেব)২০১২-১৩
১৪ষষ্ঠ চৰণ১৫০ বিদ্যালয়২০১৫-১৬
১৫৭ ম চৰণ২৯৭২০১৬-১৭
মুঠ৩২৬৭ 

ভিডিঅ মেল

সৰ্বশিক্ষা অভিযান অসমে এক ধ্বজাবাহী কাৰ্যক্ৰম হিচাপে জিলা/খণ্ড তথা বিদ্যালয় পৰ্যায়ত বিভিন্ন কাম-কাজ সম্পন্ন কৰিবলগীয়া হোৱাৰ লগতে সামগ্ৰিকভাৱে এনে কাম-কাজৰ দৈনন্দিন পৰ্যালোচনা কৰিব থাকিবলগীয়া হয়। পিচে তাকে কৰিবলৈ যাওতে সকলো সময়তে খণ্ড অথবা জিলা পৰ্যায়ৰ বিষয়াবৰ্গক ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ মাতি অনাটো কেৱল অসুবিধাজনকেই নহয়, বৰং সময় খৰচী কথাও। ইফালে, দূৰ সংযোগ ব্যৱস্থাৰে সঞ্চালিত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে এনে বিশাল কৰ্ম-কাণ্ডৰ পৰ্যালোচনা কৰাৰ লগতে সংশ্লিষ্টসকলৰ সৈতে দ্ৰুতভাৱে ভাৱ-বিনিময় কৰাটো উত্তম আৰু সময় মিতব্যয়ী ব্যৱস্থা হিচেপ চিহ্নিত হৈ আহিছে। এনেবোৰ কাৰণতে সৰ্বশিক্ষা অভিযানৰ কাম-কাজৰ সুপৰিচালনাৰ বাবেও ভিডিঅ কনফাৰেন্সিং অথবা ভিডিঅ মেল নিয়মীয়াভাৱে অনুষ্ঠিত কৰি মিছনৰ ৰাজ্যিক কাৰ্যালয় আৰু জিলা কাৰ্যালয়সমূহৰ মাহত বিদ্যায়তনিক কাম-কাজ সন্দৰ্ভত দিহা-পৰামৰ্শ তথা মত-বিনিময় আদি কৰি অহা হৈছে। এনে মেলত অন্যান্য কৰ্মসূচীৰ লগতে গুণোত্সৱ, স্বচ্ছ বিদ্যালয়, ছাত্ৰ-ছাত্ৰী সম্পৰ্কীয় তথ্যৰ কম্পিউটাৰ সংৰক্ষণ তথা ভাৰত চৰকাৰৰ সৈতে হোৱা পৰ্যালোচনামূলক সভা আদি অনুষ্ঠিত কৰা হয়।

Downloads
TitleSizeDetail
Basic figures-UDISE-2016-17.pdf790.74 KBswf-image