মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

গুণোৎসৱ- গুণগত শিক্ষা উদযাপন

গুণোৎসৱ- শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা কাৰণে অসম চৰকাৰৰ এক পদক্ষেপ

গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ । অসমৰ মাননীয় শিক্ষা মন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত এই কাৰ্য্যসূচীৰ কাৰ্য্যকাৰিতাৰ বিষয়ে উল্লেখ কৰিছে। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিবেশৰ উন্নতি সাধন কৰা। এই গুণোৎসৱত সমৰি লোৱা বিদ্যালয় মূল্যায়ণৰ চাৰিটা দিশ হ’ল-দ্বিতায় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য্য, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা- সুবিধাৰ অৱস্হিতি আৰু সমাজৰ অংশগ্ৰহণ

অসম চৰকাৰে সৰ্ব শিক্ষা অভিযান, অসমক কাৰ্য্যসূচী বাস্তৱায়িতকাৰী অধিকৰ্ত্তৃত্বা হিচাপে মনোনীত কৰিছে। সেইদৰে, সৰ্ব শিক্ষা অভিযানে কাৰ্য্যসূচীসমূহ সুকলমে সমাধা কৰিবৰ বাবে নিম্ন উল্লেখিত কায্যক্ৰমসমূহ পৰিচালনা কৰিছে-

  • কাৰ্য্যসূচীৰ সামগ্ৰিক নক্সা আৰু চালিত কৰা
  • নিৰ্দেশিকা আৰু অনুবাদ প্ৰণয়ন- সাধাৰণ, প্ৰশাসনিক, প্ৰশিক্ষণ আদি
  • আয়- ব্যয়ক প্ৰাককলন আৰু পুঁজিৰ বিতৰণ
  • কাৰিকৰী কাৰ্য পৰিতালনা কৰা
  • প্ৰশিক্ষণৰ পঞ্জিকা প্ৰস্তুত কৰা
  • বিভিন্ন প্ৰশিক্ষণ কাৰ্য্যসূচী পৰিচালনা কৰা
  • বিভিন্ন বিভাগৰ লগত সমন্বয় ৰক্ষা কৰা
  • বৰ্হিঃ মূল্যায়নৰ তালিকা প্ৰস্তুত কৰা
  • বৰ্হিঃ মূল্যায়নৰ কাৰণে বিদ্যালয়ৰ আবণ্টন কৰা
  • মিডিয়া আৰু প্ৰচাৰ
  • পৰ্য্যবেক্ষণ আৰু সমৰ্থন

মূখ্য কামসমূহৰ এটাক বাদ দি ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ/ ডায়েট/ মহাবিদ্যালয়ৰ অধ্যাপক আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ সহযোগিতাত শিক্ষাৰ্থীৰ কাৰ্য্যকৰণ নিৰ্দ্ধাৰণৰ কাৰণে গুণোৎসৱৰ মূল্যায়নৰ আহিলাসমূহৰ উন্নতি কৰা।

কাৰ্য্যসূচীসমূহ ২০১৭ বৰ্ষৰ ৪ ৰ পৰা ৭ এপ্ৰিললৈ অনুস্থিত কৰা হয়। ৰাজ্যৰখনৰ চৰকাৰী ব্যৱস্থাপনাৰ লগত জড়িত সকলো এই কাৰ্য্যসূচীৰ অংশ হয়। আৰম্ভণিতে ৰাজ্যখনৰ বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকাণ্ডি, কামৰূপ মহানগৰ, লক্ষীমপুৰ, মৰিগাওঁ আৰু পশ্চিম কাৰ্বি আংলং এই আঠখন জিলা সামৰি এই কাৰ্যাৱলী হাতত লোৱা হৈছে। মুঠ ১২৩২০ খন বিদ্যালয়ক লক্ষ্য কৰি লোৱা হৈছিল যদিও তাৰ বিপৰীতে অসমীয়া, বড়ো, বঙালী, হিন্দী, ইংৰাজী, নেপালী, গাড়ো আৰু মণিপুৰীৰ মঠ ১২২৮৬ খন বিদ্যালয়ক এই কাৰ্য্যসূচীৰ অধীনত সামৰি লোৱা হয়। দ্বিতায় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ মুঠ ৭১৫৯৩০ সংখ্যক ছাত্ৰ-ছাত্ৰীৰসকলৰ বিদ্যায়তনিক মূল্যায়ন কৰা হয়।

মূল্যাংকণৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ২০১৭ বৰ্ষৰ ৫, ৬ আৰু ৭ এপ্ৰিলত মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষা মন্ত্ৰী, ৰাজ্যখনৰ শীৰ্ষৰ আই.এ.এছ., আই.পি.এছ., আই.এফ.এছ., এ.চি.এছ বিষয়াসকল, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল আৰু মন্ত্ৰী বিধায়কসকলৰ যোগদান আৰু বিদ্যালয় পৰিদৰ্শন। বৰ্হিঃ মূল্যায়কসকলৰ সন্মূখত বিদ্যায়তনিক, সহ- বিদ্যায়তনিক, আন্তঃগাঠনি আৰু অন্যান্য সুবিধাসমূহ আৰু সমূহীয়া অংশগ্ৰহণৰ মূল্যায়ন কাৰ্য পৰিচালনা কৰা হয়। এই বৰ্হিঃ মূল্যায়কসকলে বিদ্যালয় পৰিদৰ্শনৰ ভিত্তিত লাভ কৰা অভিজ্ঞতাসমূহক পিছৰ পৰ্য্যায়ৰ আঁচনি যুগুত কৰাৰ সময়ত সমল হিচাপে ব্যৱহাৰ কৰা হয়।

২০১৭ বৰ্ষৰ ১৭ জুনত মাননীয় শিক্ষা মন্ত্ৰীয়ে জ্যেষ্ঠ বিষয়াসকল, প্ৰশাসক, শিক্ষাবিদ, শিক্ষা বিভাগৰ বিষয়াসকল, ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু ডায়েটৰ অধ্যাপকসকল, সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ববীয়াসকলৰ উপস্থিতিত ইয়াৰ ফলাফলসমূহ ঘোষণা কৰে।

শিশুসকলৰ ব্যক্তিগত ৰিপোৰ্ট কাৰ্ড আৰু বিদ্যালয়ৰ ৰিপোৰ্ট কাৰ্ডবোৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। এই ৰিপোৰ্টসমূহ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি আৰু সদস্যসকলৰ লগত ভাগ কৰা হয়।

দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ শিকাৰ স্তৰৰ বিস্লেষণৰ ভিত্তিত চি আৰু ডি গ্ৰেডৰ শিক্ষাৰ্থীৰ অগ্ৰগতিৰ বাবে প্ৰতিকাৰাত্মক শিক্ষা শিকাৰ স্তৰৰ উন্নতিৰ কাৰণে দিয়া হব।

চৰকাৰৰ অনুমতি সাপেক্ষে, ৰাজ্যখনত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ বাকী থকা ২৫ খন জিলাক সামৰি কাৰ্য্যকৰী কৰা হয়।

পৰ্য্যায়তাৰিখ    অন্তৰ্ভূক্ত জিলা
পৰ্য্যায় ২১০-১৩ অক্টোবৰ, ২০১৭কামৰূপ, বঙাইগাওঁ, কাছাৰ, চৰাইদেউ, ডিমা হাচাও,যোৰহাট, কাৰ্বি আংলং, কোকোৰাঝাৰ, নগাওঁ, তিনিচুকীয়া, শিৱসাগৰ, ওদালগুৰি
পৰ্য্যায় ৩৩-৬ জানুৱাৰী, ২০১৮মাজুলী, বাক্সা, বিশ্বনাথ চাৰিআলি, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হোজাই, কৰিমগঞ্জ, শোণিতপুৰ, পশ্চিম শালমৰা, মানকাছাৰ, নলবাৰী 

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি গুণোৎসৱ পৰ্টেলটো চাওঁক

Downloads
TitleSizeDetail
Gunotsav Result (Phase - I).pdf4.47 MBswf-image
Gunotsav result - All three phases.pdf917.01 KBswf-image
An External Evaluator during Gunotsav