মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

মধ্যাহ্ন ভোজন আঁচনি

শিক্ষা সাং নকৰাকৈ আধাতে বিদ্যালয় এৰিবলগীয়া হোৱা ঘটনাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ আৰ্থ-সামাজিক দুৰাৱস্থা। অসমৰ চৰকাৰী বিদ্যালয়লৈ অহা সৰহ সংখ্যক শিশুৱেই গ্ৰামাঞ্চলত বসবাস কৰা পৰিয়ালৰ। তেওঁলোকৰ প্ৰায় সংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল। এইসকল শিশুৰ মাক-দেউতাক দুয়োগৰাকীয়েই হয় পথাৰৰ, নহয় অন্য ঠাইত দিনটোৰ বাবে কাম কৰিবলৈ ওলাই যাবলগীয়া হয়। এনে পৰিস্থিতিত পুৱাতে কিবা এমুঠি মুখত গুজি অথবা নোখোৱাকৈয়ে বিদ্যালয়লৈ আহিব লগা হোৱা শিশুসকলে দিনটো ভোকে লঘোণে লেবেজান হবলগীয়া হয়। ভোক-ভাগৰৰ সন্মুখীন হোৱা শিশুসকলে সেয়ে ঘটনাই স্কুল ক্ষতি কৰিবলৈ বিচাৰে আৰু ইয়াৰ পৰিণতিতে আধাতে বিদ্যালয় এৰাৰ প্ৰৱণতা বৃদ্ধি পায়।

এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্য আগত ৰাখি, বিদ্যালয়সমূহত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ লগতে নিময়ীমা উপস্থিতি নিশ্চিত কৰাৰ সমান্তৰালভাৱে শিশুসকলৰ শাৰিৰীক পুষ্টিৰ মান উন্নত কৰাৰ উদ্দেশ্যে ১৯৯৫ চনৰ ১৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় পৃষ্ঠপোষকতাত ৰূপায়িত কৰিব খোজা প্ৰাথমিক শিক্ষালৈ পুষ্টি সহযোগিতা সম্পৰ্কীয় ৰাষ্ট্ৰীয় আঁচনি (এল.পি.-এন.এছ.পি.ই)খনৰ শুভাৰম্ভ ঘোষণা কৰা হয়।

২০০১ চনত মধ্যাহ্ন ভোজন আঁচনিখনক ৰন্ধন-প্ৰকৰণেৰে প্ৰস্তুত মধ্যাহ্ন ভোজন আঁচনিৰ ৰূপ দিয়া হয় আৰু ইয়াৰ জৰিয়তে প্ৰতিখন চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে বছৰটোৰ ন্যূনতম ২০০টা দিনৰ বাবে প্ৰতি দিনে ন্যূনতম ৩০০ কেলৰী আৰু ৮-১২ গ্ৰাম প্ৰটিনযুক্ত প্ৰস্তুত খাদ্য খুওৱাৰ ব্যৱস্থা কৰা হয়। ২০০২ চনত আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰি চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ লগতে স্থানীয় নিকায় পৰিচালিত বিদ্যালয়, শিক্ষা নিশ্চিত আঁচনি (ই.জি.এছ) আৰু বিকল্প আৰু উদ্ভাৱনী শিক্ষা কেন্দ্ৰ (এ.আই.ই) আদিলৈ সম্প্ৰসাৰিত কৰাৰ দিহা কৰা হয়।

২০০৪ চনৰ ছেপ্টেম্বৰ মাহত আঁচনিখন পুনৰীক্ষণ কৰি মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজন হোৱা দাইল, শাক-পাচলি, তেল, মা-মছলা, ইন্ধন আৰু ৰান্ধনীৰ মাননি আদিৰ জোৰা মাৰিব পৰাকৈ বিদযালয় খোলা থকা প্ৰতি দিনৰ বাবদ প্ৰতিটো শিশুৰ বিপৰীতে @১ টকাকৈ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা পুঁজি আবণ্টনৰ ব্যৱস্থা কৰা হয়। সেই পৰিবহন ৰাজসাহায্যৰ হাৰো পূৰ্বৰ ৫০ টকা প্ৰতি কুইণ্টলৰ পৰা বিশেষ শ্ৰেণীভূক্ত ৰাজ্যৰ বাবে ১০০ টকা প্ৰতি কুইণ্টল হিচাপত ধাৰ্য কৰা হয়। আনহাতে, আঁচনিখনৰ সামগ্ৰিক পৰিচালনা, তদাৰকী আৰু মূল্যায়নৰ বাবেও পোন প্ৰথমবাৰৰ বাবে খাদ্য দ্ৰৱ্য, পৰিবহন ৰাজসাহায্য আৰু ৰন্ধন সহযোগিতা পুঁজিৰ ২ শতাংশ হাৰত কেন্দ্ৰীয় সহযোগিতা পুঁজি আগবঢ়োৱাৰ পৰম্পৰা আৰম্ভ কৰা হয়। ইফালে, খৰাংপীড়িত অঞ্চলৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত গৰমৰ বন্ধৰ কালছোৱাতো মধ্যাহ্ন ভোজন আঁচনিৰ ব্যৱস্থা কৰা হৈছিল এই সংস্কাৰৰ জৰিয়তেই।

২০০৬ চনৰ জুলাই মাহত আঁচনিখন সন্দৰ্ভত হোৱা পুনৰীক্ষণৰ জৰিয়তে ৰন্ধন ব্যয়ৰ বাবদ আদায় দিয়া কেন্দ্ৰীয় সহযোগিতা পুঁজিৰ হাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত বিদ্যালয় খোলা থকা দিনত প্ৰতিটি শিশুৰ বাবদ ১.৮০ টকা আৰু ্ন্যান্য ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ক্ষেত্ৰত ১.৫০ টকাকৈ নিৰ্ধাৰণৰ দিহা কৰা হয়। সেইদৰে খাদ্য দ্ৰৱ্যৰ পুষ্টি হাৰো ৪৫০ কেলৰি আৰু প্ৰটিনৰ পৰিমাণ ১২ গ্ৰামলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত একোটাকৈ ৰান্ধনীশালৰ সাজ-বাচন ক্ৰয় কৰিব পৰাকৈ যথাক্ৰমে ৬০,০০০ আৰু ৫,০০০ টকাকৈ পৰ্যায়ক্ৰমে আদায় দিয়াৰো ব্যৱস্থা কৰা হৈছিল এই পুনৰীক্ষণৰ জৰিয়তে।

২০০৭ চনৰ অক্টোবৰত গ্ৰহণ কৰা আন এক সংস্কাৰৰ জৰিয়তে আঁচনিখনৰ পৰিসৰ দেশৰ ৩,৪৭৯টা শৈক্ষিকভাৱে পিছপৰা খণ্ডৰ উচ্চ প্ৰাথমিক বিদ্যালয় (ষষ্ঠ মানৰ পৰা অষ্টম মান পৰ্যন্ত)ৰ ছাত্ৰ-ছাত্ৰীলৈও সম্প্ৰসাৰিত কৰা হয় আৰু আঁচনিখনৰ পুনৰ নামকৰণৰ জৰিয়তে পূৰ্বৰ প্ৰাথমিক বিদ্যালয়লৈ পুষ্টি সহযোগিতা সম্পৰ্কীয় ৰাষ্ট্ৰীয়আঁচনিৰ পৰিৱৰ্তে বিদ্যালয়ত মধ্যাহ্ন ভোজন সম্পৰ্কীয় ৰাষ্ট্ৰীয় আঁচনি কৰা হয়। উচ্চ প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰৰ পুষ্টি আৰু প্ৰটিনৰ হাৰ নিৰ্দ্ধাৰিত কৰা হয় ক্ৰমে ৭০০ কেলৰি আৰু ২০ গ্ৰামকৈ। পৰৱৰ্ত্তী সময়ত ২০০৮ চনৰ ১ এপ্ৰিলৰ পৰা আঁচনিখন সমগ্ৰ দেশৰ সকলো অঞ্চললৈ সম্প্ৰসাৰিত কৰা হয়।

২০০৮ চনৰ সংস্কাৰৰ জৰিয়তে আঁচনিখনে সৰ্বশিক্ষা অভিযানৰ সহযোগিতা প্ৰাপ্তি সকলোবোৰ স্বীকৃতিপ্ৰাপ্ত আৰু অ-স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আৰু মোক্তাবকো সামৰি লয়।

মধ্যাহ্ন ভোজন আঁচনিয়ে অভিভাৱকসকলক তেওঁলোকৰ শিশুসকলৰ বিদ্যালয়লৈ পঠাবলৈ উত্সাহিত কৰাৰ লগতে শিশুসকল শাৰিৰীক আৰু মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টি সাধন কৰিছে বুলি কব লাগিব।

২০০৫ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজন আঁচনিখন অসমত ৰুপায়নৰ ব্যৱস্থা কৰা হৈছিল।ইয়াৰ জৰিয়তে সাৰ্বজনীন ৰূপত বিদ্যালয়ত নামভৰ্তি, নিয়মীয়া উপস্থিতি তথা মানৰ উন্নয়নৰ লক্ষ্যলৈ আগবাঢ়িব পৰা যাব বুলি নিশ্চয় আশা কৰিব পাৰি।

২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ দায়িত্ব প্ৰাথমিক শিক্ষা, অসমৰ সঞ্চালকৰ পৰা সৰ্ব শিক্ষা অভিযানলৈ হস্তান্তৰিত কৰিছে। ২০১৪ চনৰ পহিলা জানুৱাৰীৰ পৰা সেয়ে আঁচনিখন সম্পূৰ্ণ ৰূপে সৰ্ব শিক্ষা অভিযানৰ প্ৰত্যক্ষ তদাৰকীত পৰিচালিত হৈ আহিছে।

মধ্যাহ্ন ভোজন কাৰ্যক্ৰমৰ উদ্দেশ্য: 

  • সমাজৰ উপেক্ষিত শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অহাৰ বাবে উত্সাহিত কৰাৰ লগতে শ্ৰেণীকোঠাৰ কাৰ্যক্ৰমত মনোনিবেশ কৰাৰ বাবে অনুপ্ৰাণিত কৰা।
  • খৰাংপীড়িত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ শিশুসকললৈ গৰম বন্ধকালীন সময়চোৱাতো পুষ্টি সহযোগিতা আগবঢ়োৱাৰ লগতে ইয়াৰ জৰিয়তে বিদ্যালয়লৈ যোৱাৰমানসিকতা গঢ়ি তোলা।

Mid-Day-Meal at School