অভিযোগ নিবাৰণ- তথ্য জনাৰ অধিকাৰৰ কাৰণে মাচুল বিহীন কেন্দ্ৰ, সৰ্ব শিক্ষা অভিযান, অসম
ভূমিকা
ৰাজ্যখনত শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ ৰূপায়নৰ সন্দৰ্ভত কোনো অভিযোগ আৰু আপত্তি পঞ্জীয়ন আৰু সম্বোধিত কৰিবৰ কাৰণে শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত অভিযোগ নিবাৰণী মাটুল বিহীন কোষ সৰ্ব শিক্ষা অভিযান, অসমত মাচুল বিহীন নম্বৰ ১৮০০-৩৪৫-৩৫২৫ ৰ মাধ্যমেৰে ২০১৩ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা কাম কৰি আছে। ৰাজ্যখনৰ সকলো সফলতাৰ কাহিনী/ কেছ অধ্যয়নসমূহ এই কেন্দ্ৰৰ মাধ্যমেৰে নিবন্ধিত হয়।
মাচুল বিহীন কেন্দ্ৰ সময়ঃ পুৱা ১০.০০ বজাৰ পৰা সন্ধিয়া ৫.০০ বজালৈ সকলো কাৰ্য্যাৱৰ্তনৰ দিনত।
সজাগতা আৰু প্ৰসাৰতাঃ
অধিক সজাগতা আৰু প্ৰসাৰৰ কাৰণে ৰাজ্যৰ মিছন কাৰ্য্যালয়ৰ দ্বাৰা এক পত্ৰ যোগে চৰকাৰী বিদ্যালয়, প্ৰাদেশীকৃত বিদ্যালয়, টি জি পৰিচালিত বিদ্যালয়, স্থানীয় সমষ্টিৰ বিদ্যালয়ৰ বিদ্যালয় ভৱন আৰু অসমৰ সকলো জিলাৰ জিলা আৰু খণ্ড কাৰ্য্যালয়সমূহৰ মুখ্য স্থানত মাচুল বিহীন নম্বৰ(১৮০০৩৪৫৩৫২৫) টো প্ৰদৰ্শিত কৰাৰ নিৰ্দ্দেশ জাৰি কৰা হৈছে।
খণ্ড আৰু জিলা পৰ্য্যায়ত সভাৰ অংশগ্ৰহণৰ জৰিয়তে সজাগতা, আলোচনী আৰু পত্ৰিকা বিজ্ঞাপন আৰু মুদ্ৰিত সৰু পত্ৰিকা সময়ে সময়ে প্ৰচাৰ কৰা হয়।
এছ.এম.চি.ৰ সদস্যসকলৰ প্ৰশিক্ষণ সম্বন্ধিত বিস্তৃত বিৱৰণ মাচুল বিহীন সুবিধা(শিক্ষাজ্যোতি) সম্পৰ্কে জনগণৰ সজাগতা প্ৰদানৰ কাৰণে দিয়া হৈছে যাতে অধিক লোক ইয়াৰ এই সম্পৰ্কত সজাগ হয়।
অভিযোগ নিবাৰণী কোষৰ নীতিসমূহঃ
অভিযোগৰ প্ৰকৃতি আৰু তাৰ সংবেদনশীলতা বিবেচনা কৰি নাম পৰিচয় আৰু কলাৰৰ অন্যান্য তথ্যৰ গোপনীয়তা কঠোৰভাৱে পালন কৰা হয়।
অভিযোগসমূহৰ ব্যাপক প্ৰকাৰ
২০১৬-১৭ বৰ্ষত মাচুল বিহীন নম্বৰৰ পৰা লাভ কৰা অভিযোগসমূহৰ সংখ্যা আৰু নিষ্পত্তিৰ স্থিতি
চাবলৈ চোৱাইপ কৰক-
ক্ৰমিক নং. | বিৱৰণ | মুঠ সংখ্যা |
---|---|---|
১ | বৈধ কলসমূহ নিবন্ধিত | ২০৫ |
২ | অভিযোগ নিবাৰণ | ১৭০ |
৩ | তদন্ত অধীনত থকা মামলাসমূহ | ৩৫ |