I am now accessing as a :

Government Of Assam Elementary Education Samagra Shiksha Axom

হিচাপ

  • পুঁজিৰ পৰিচালনা -  

১। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা পুঁজিৰ আবণ্টন।

২। অনুমোদিত প্ৰকল্প ৰূপায়ণৰ বাবে জিলা আৰু খণ্ড পৰ্যায়লৈ পুঁজিৰ আবণ্টন। 

  • পুঁজিৰ সদ্ব্যৱহাৰ - 

১। পুঁজি ব্যৱহাৰ কৰোতাৰ পৰা পুঁজি সদ্ব্যৱহাৰৰ প্ৰমাণ পত্ৰ সংগ্ৰহ আৰু সেই প্ৰমাণ-পত্ৰ যথাযোগ্য কৰ্তৃপক্ষৰ ওচৰত নিৰ্দ্ধাৰিত সময়ত দাখিল কৰা।

২। হিচাপ আৰু খৰচৰ হাতেলিখা প্ৰতিবেদন যুগুতোৱাৰ লগতে কম্পিউটাৰ সঞ্চালিত হিচাপৰক্ষণ ছফ্টৱেৰৰ দ্বাৰা সম্পন্ন কৰা। 

  • প্ৰতিবেদন 

১। অনুমোদিত ৰূপত মাহেকীয়া, তিনিমহীয়া হিচাপৰ খতিয়ান যথাযোগ্য কৰ্তৃপক্ষৰ ওচৰত সময় মতে দাখিল কৰা। 

  • নিৰীক্ষণ আৰু তত্বাৱধান  

১। খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিত্ত আৰু গাণনিক বিষয়াবৰ্গৰ সৈতে তথ্য অৱগতকৰণৰ মাহেকীয়া সভা অনুষ্ঠিতকৰণ

২। খণ্ড আৰু অন্যান্য পৰ্যায়ৰ গাণনিক বিষয়াবৰ্গৰ নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শন। 

  • হিচাপ পৰীক্ষ - 

১। অৰ্হতাসম্পন্ন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ জৰিয়তে উমৈহতীয়া ভিত্তিত খণ্ড পৰ্যায় পৰ্যন্ত তিনিমহীয়া আভ্যন্তৰীণ হিচাপ পৰীক্ষণ সম্পন্ন কৰা

২। কেগ মনোনীত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা খণ্ড পৰ্যায় পৰ্যন্ত আইনগত হিচাপ পৰীক্ষণৰ দিহা।

৩। ভাৰত চৰকাৰৰ পুঁজি সদ্ব্যৱহাৰ সম্পৰ্কীয় প্ৰমাণ পত্ৰসহ হিচাপ পৰীক্ষণৰ বাৰ্ষিক প্ৰতিবেদন যুগুত কৰা। 

  • প্ৰশিক্ষণ - 

১। হিচাপ ৰক্ষণ আৰু পুঁজিৰ সদ্ব্যৱহাৰ সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ কৰ্মকৰ্তাক প্ৰশিক্ষণ।

২। ভাৰত চৰকাৰৰ এফ.এম.পি. বিধিৰ নিৰ্দেশনা অনুসৰি বিত্ত আৰু গাণনিকৰ ৫ দিনীয়া বাধ্যতামূলক প্ৰশিক্ষণ।

৩। প্ৰশিক্ষণ সম্পৰ্কীয় বিষয়বস্তু পদ্ধতিৰ বিকাশ সাধন।